ভেঁকুৰী তিতাৰ উপকাৰিতা জানো আহক

0
1608

আমাৰ খাদ্যৰ সৈতে টেঙা, তিতা, খাৰ আদি খোৱাটো খুবেই প্ৰয়োজন৷ বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে খাদ্যৰ সৈতে তিতা খোৱাটো অত্যন্ত জৰুৰী৷ তেনে এবিধ খাদ্যৰ ভিতৰত ভেঁকুৰী তিতা অন্যতম৷ ভেঁকুৰী তিতা বহল পাতেৰে এবিধ গুল্মজাতীয় উদ্ভিদ৷ ওখই প্ৰায় ২-৩ মিটাৰপৰ্যন্ত হয়৷ ইয়াৰ বৈজ্ঞানিক নাম ছ’লানাম টুৰভাম (Solanum Torvum)। ভেঁকুৰী তিতাত ভিটামিন, প্ৰ’টিন, ফেট, কেলচিয়াম, আইৰন, এণ্টিঅক্সিডেণ্ট আদি পোৱা যায়৷ ই মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী৷ বিশেষকৈ, ভেঁকুৰী তিতাই শিশুৰ কৃমি নাশ কৰাৰ লগতে বিভিন্ন ৰোগ নাশ কৰিব পাৰে৷ ভেঁকুৰী তিতাই হৃদৰোগ নিৰাময়ত সহায় কৰে৷ কাহ-কফজনিত ৰোগ নিৰাময় কৰাত ভেঁকুৰী তিতা অত্যন্ত দৰকাৰী৷ ই বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷ পিত্ত ৰোগীয়ে ভেঁকুৰী তিতাৰ শিপা, জালুক আৰু নিমখ ভালদৰে মিশ্ৰণ কৰি খালে ৰোগ উপশম হয়৷ অৰুচি হ’লে ভেঁকুৰী তিতাই ঔষধৰ দৰে কাম কৰে৷ চকুত কেনেবাকৈ জলকীয়া লাগিলে ভেঁকুৰী তিতা চকুৰ পতাত সানিলে জ্বলা-পোৰা নিৰাময় হয়৷ সেয়েহে আহকচোন এনে এবিধ ঔষধি গুণবিশিষ্ট উদ্ভিদ আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here