স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰে পৰা আমি বিভিন্ন প্ৰকাৰৰ স্থানীয় ফল-মূল, শাক-পাচলি আদি ব্যৱহৃত কৰি আহিছোঁ৷ এই খাদ্য সামগ্ৰীবিলাক পৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ৷ তাৰ ভিতৰত এবিধ হ’ল ভেদাইলতা৷ ইয়াৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে পৰা বিভিন্ন ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰি অহা হৈছে৷ ইয়াৰ বৈজ্ঞানিক নাম পেইডেৰিয়া ফ’টিডা (Paederia foetida)৷ এই গছজোপা ৬-ৰ পৰা ৭ মিটাৰপৰ্যন্ত ওখ হয়৷ ইয়াত ডাইমিথাইল, ডাইছালফাইড নামৰ মিশ্ৰিত ছালফাৰৰ উপস্থিতিৰ বাবে ইয়াৰ গোন্ধ অতি উগ্ৰ হয়৷ কিন্তু ৰান্ধিলে ইয়াৰ গোন্ধ নাইকিয়া হয়৷ সাধাৰণতে ইয়াৰ পাত আৰু ঠাৰিহে আঞ্জা বনাই খায়৷ অঞ্চলভেদে ইয়াক ভেদাইলতা, ভেবেলিলতা, পাদ্ৰীলতা আদি নামেৰে জনা যায়৷ ভেদাইলতাত কেৰ’টিন, ভিটামিন-চি, এলকেলয়ড, ফেটি এচিড, চেপনিন, কুইনন আদি ৰাসায়নিক উপাদান থাকে৷ ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়৷ ডায়েৰিয়া ৰোগীৰ এবিধ উপযুক্ত পথ্য হ’ল ভেদাইলতাৰ ৰস৷ পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়৷ বাতবিষত আক্ৰান্ত হোৱাসকলে ভেদাইলতাৰ ৰস খালে আৰোগ্য হয়৷ পেৰালাইছিছ, স্নায়বিক দুৰ্বলতা আদিৰ চিকিৎসাত ভেদাইলতা ব্যৱহাৰ কৰা হয়৷ ভেদাইলতাই হাঁপানি ৰোগ নিৰাময়ত সহায় কৰে৷ কাহ, চৰ্দিৰ পৰা পৰিত্ৰাণ পাবলৈ ভেদাইলতা আৰু আদাৰ চুপ মিহলাই খালে উপশম পোৱা যায়৷ ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়৷ দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে৷ ভৰি, হাতৰ হাড় ভাঙিলে বা মোচোকা খালে ভেদাইলতা পিহি তাৰ প্ৰলেপ দিলে বিষ কমে৷ প্ৰসূতিকালীন সময়ত ভেদাইলতা মহৌষধ৷ প্ৰসৱৰ পাছত প্ৰসূতি মাতৃগৰাকীৰ পেটৰ অসুখ, গাৰ বিষ আদিত ভেদাইলতাই ঔষধৰ কাম কৰে৷ এলাৰ্জি ৰোগত নিয়মিত খালে উপকাৰ পোৱা যায়৷ এনে অনেক ঔধষি গুণবিশিষ্ট উৎকৃষ্টমানৰ এইবিধ লতাজাতীয় শাক আমাৰ খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰ সুস্থ আৰু ৰোগমুক্ত কৰি ৰাখো আহক৷