গাজৰ এবিধ উত্তম খাদ্য হোৱাৰ উপৰি ই ভালেমান ৰোগত ঔষধৰ ভূমিকা পালন কৰে। দৃষ্টিশক্তি বৃদ্ধিৰ লগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰা, ফিষ্টুলা আৰু গ্ৰহণী নাশৰ ক্ষেত্ৰতো ই উপকাৰী । ই এণ্টিঅক্সিডেণ্ট গুণসম্পন্ন হোৱা বাবে কেন্সাৰ প্ৰতিৰোধী ক্ষমতা আছে। এণ্টিঅক্সিডেণ্ট থকা হেতুকে ইয়াৰ ৰোগ প্ৰতিৰোধী ক্ষমতা থকাটো অতি স্বাভাৱিক। ই প্ৰধানকৈ কেৰ’টিন (Carotene) নামৰ ভিটামিন ‘এ’ সমৃদ্ধ। ইয়াৰ ৰস অতি পুষ্টিকৰ আৰু ইয়াক ৰোগ-বয়স নিৰ্বিশেষে খোৱাৰ উপযোগী। সামগ্ৰিকভাৱে গাজৰক এবিধ অতি পুষ্টিকৰ আহাৰ হিচাপে অভিহিত কৰা হয়। ইয়াৰ এশ গ্ৰাম দ্ৰব্যত ৩১৫০ আই ইউ পৰ্যন্ত ভিটামিন ‘এ’ পোৱা যায়। ভিটামিন ‘এ’ৰ উপৰি ইয়াৰ মুখ্য উপাদানসমূহ হৈছে- প্ৰ’টিন , চৰ্বি ,আঁহ, কাৰ্বহাইড্ৰেট, কেলচিয়াম, মেগনেছিয়াম , ফচফৰাছ, আইৰন , ছ’ডিয়াম , পটাছিয়াম, কপাৰ , ছালফাৰ, অকজালিক এচিড থকাৰ লগতে ভিটামিন ‘বি১, বি২, বি৩আৰু চি থাকে। উল্লিখিত ভিটামিনৰ উপৰি ইয়াত ভিটামিন ডি, ই, বায়’টিন আৰু ফলিক এচিডো কম পৰিমাণে পোৱা যায়। বিশেষকৈ দৃষ্টিশক্তি অটুট ৰখা, দেহক তজবজীয়া ৰখা আৰু ছ’ডিয়াম পটাছিয়ামৰ পৰিমাণ কম থকাৰ সময়ত দেহৰ বাবে অতি উপযোগী বুলি উল্লেখ পোৱা যায়। গাজৰ সচৰাচৰ চালাড হিচাপে খোৱা হয় , ইয়াক ভাজি বা দাইলৰ লগত দিও বা বিভিন্ন ধৰণে তৈয়াৰ কৰি খাব পাৰি। গাজৰ অতি দৰকাৰী খাদ্য দ্ৰব্য আৰু আমি ইয়াক খোৱাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।