ৰাজ্যৰ পাঁচখন জিলাক ‘Red Zone District’ ঘোষণা

0
821
কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পাঁচখন জিলাক ‘Red Zone Districts’ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ জিলাকেইখন হৈছে ক্ৰমে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, আৰু নগাঁও৷ উক্ত জিলাকেইখনত কভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পাই আছে৷ বৰ্তমান ৰাজ্যত কভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও এই পাঁচখন জিলাত এতিয়ালৈকে কভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হোৱা নাই৷ তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে উক্ত জিলাকেইখনত বিশেষভাৱে তীক্ষ্ণ নজৰ ৰাখিব৷ ২১ জুনৰ ভিতৰত যদি উক্ত জিলাকেইখনৰ পৰিস্থিতিৰ উন্নতি নহয়, তেন্তে লকডাউন ঘোষণাৰ ইংগিত প্ৰদান কৰিছে৷ জানিব পৰা মতে, উক্ত জিলাকেইখনৰ জনসাধাৰণতে কভিডৰ নীতি-নিয়মসমূহ ভালদৰে নমনাৰ ফলতেই এইদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ আছে আৰু কভিড পৰিস্থিতিৰ শাম কটা নাই৷ ৰাজ্যৰ অন্য প্ৰান্তলৈ যাতে কভিড-১৯ৰ যাতে গণ সংক্ৰমণ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ‘Red Zone Districts’ হিচাপে ঘোষণা কৰিছে৷ ইয়াৰ উপৰি যোৰহাট, গোলাঘাট, গোৱালপাৰা আদি জিলাতো আজিপৰ্যন্ত কভিডৰ সংক্ৰমণ অব্যাহত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here