অহা ৮ এপ্ৰিল, ২০২৪-ত এক গুৰুত্বপূৰ্ণ মহাজাগতিক ঘটনা ঘটিব৷ মেক্সিকো, আমেৰিকা আৰু কানাডাৰ একাংশত পূৰ্ণ গ্ৰাস সূৰ্য গ্ৰহণ দেখিবলৈ পোৱা যাব ৷ ইয়াৰ লগতে সমগ্ৰ উত্তৰ আমেৰিকাত আংশিক গ্ৰহণ দেখা পোৱা যাব ৷ যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ৰাখে তেতিয়াই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হয় ৷ ৮ এপ্ৰিলৰ সূৰ্য গ্ৰহণ ৪ মিনিট ২৮ ছেকেণ্ডৰ হ’ব ৷ ইয়াৰ পাছত লাহে লাহে সূৰ্যৰ একাংশ দেখা পোৱা যাব ৷ এই সূৰ্য গ্ৰহণ যথেষ্ট দীঘলীয়া হ’ব ৷ অৱশ্যে ই ইতিহাসৰ আটাইতকৈ দীঘলীয়া সূৰ্য গ্ৰহণ নহয়৷ নাছাৰ হিচাপমতে, ইতিহাসৰ আটাইতকৈ দীঘলীয়া সূৰ্য গ্ৰহণ হৈছিল খ্ৰীষ্টপূৰ্ব ৭৪৩১, ১৫ জুনত ৷ সেইবাৰ গ্ৰহণ ৭ মিনিট ২৮ ছেকেণ্ডৰ আছিল ৷ এই গ্ৰহণ দেখা পোৱা গৈছিল আফ্ৰিকাৰ কেনিয়া আৰু ছোমালিয়া উপকূলৰ পৰা ভাৰত মহাসাগৰত ৷ ইয়াৰ পাছত কেইবাহাজাৰ বছৰলৈকে ইমান দীঘলীয়া গ্ৰহণ হোৱা নাই ৷ কিন্তু আজিৰ পৰা ডেৰশ বছৰৰ পাছত প্ৰায় সমান সময়ৰ গ্ৰহণ হোৱাৰ সম্ভাৱনা আছে ৷ গণনা অনুসৰি ২১৮৬ চনৰ ১৬ জুলাইত হ’বলগীয়া পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণ প্ৰায় ৭ মিনিট ২৯ ছেকেণ্ডৰ হ’ব ৷ এই গ্ৰহণ ফ্ৰেন্স গুৱেনাৰ পৰা আটলাণ্টিক মহাসাগৰ পাৰ হ’ব ৷ ইয়েই আটাইতকৈ দীঘলীয়া গ্ৰহণৰূপে পৰিগণিত হ’ব ৷ জ্যোতিৰ্বিদসকলৰ মতে ৮ এপ্ৰিলত হ’বলগীয়া গ্ৰহণ কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ এই গ্ৰহণ চলি থকাৰ সময়ত সৌৰ চক্ৰ চূড়ান্ত পৰ্যায়ত থাকিব আৰু সূৰ্যৰ বুকুত ঘটি থকা ঘটনাৱলীও চূড়ান্ত পৰ্যায়ত থাকিব৷ নাছাৰ মতে, এই গ্ৰহণ সমগ্ৰ আমেৰিকাত দেখা পোৱা যাব আৰু ২০১৭ চনৰ পাছত আমেৰিকাত প্ৰথমটো পূৰ্ণ গ্ৰাস সূৰ্য গ্ৰহণ হ’ব ৷ এই গ্ৰহণ প্ৰথমে দেখা পোৱা যাব মেক্সিকোৰ প্ৰশান্ত মহাসাগৰৰ উপকূলত ৷ আমেৰিকাৰ ১৩খন প্ৰদেশত এই গ্ৰহণ দেখা পোৱা যাব ৷