মুৰী খোৱাৰ আগতে জানকইয়াৰ উপকাৰিতাৰ বিষয়ে

0
153


মুৰী এনে এবিধ খাদ্য, যি খাবলৈ কম-বেছি সকলোৱে পচন্দ কৰে৷ সন্ধিয়া আড্ডাত, ৰে’ল যাত্ৰা কৰাৰ সময়ত বেপাৰীয়ে অনা জালমুৰীৰ সোৱাদ ল’বলৈ বহুতৰে জিভা লকলকাই থাকে৷ আনহাতে শীতকালি আবেলি মুৰী, কেঁচা পিঁয়াজ, কেঁচা জলকীয়াৰ সৈতে মিছালখন খাবলৈ সকলোৰে সময় উলিয়াই লয়৷ এই মুৰী অকল জিভাৰ সোৱাদ ল’বলৈহে যে খোৱা হয়, সেইটো নহয়৷ আমি নজনাকৈয়ে মুৰীৰ আছে বহু স্বাস্থ্য উপকাৰী গুণ, যিবোৰে আমাৰ শৰীৰৰ নিৰোগী কৰি ৰাখিব পাৰে৷ নতুন দিল্লীৰ পি এছ আৰ আই হস্পিটেলৰ ডায়েটিচিয়ান দেবনী বন্দোপাধ্যায়ে মুৰীৰ বিষয়ে জনোৱা মতে ফাইবাৰ সমৃদ্ধ এই মুৰী খালে হজমশক্তি বঢ়োৱাত সহায় কৰে৷ কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিলে মুৰী খালে সুফল লাভ কৰিব পাৰি৷ মুৰীত ভিটামিন-বি পোৱা যায়, যিয়ে শৰীৰৰ নানা সমস্যা সমাধান কৰে৷ মুৰীয়ে এচিডিটি ৰোধ কৰাতো সহায় কৰে৷ যিসকল এচিডিটিৰ সমস্যা আছে, তেওঁলোকে নিয়মিতভাৱে মুৰী খালে সহজে সুফল পাব পাৰে৷ মুৰীত উচ্চ পৰিমাণ শৰ্কৰা থাকে৷ ইয়ে শৰীৰক শক্তি বৃদ্ধিত সহায় কৰে৷ আমাৰ দৈনন্দিন কৰ্মত সক্ৰিয় কৰি ৰাখিবলৈ মুৰী খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here