৩০-ৰ পিছত মহিলাসকলে কেনেধৰণৰ খাদ্য খোৱা উচিত ? What type of food should women above 30 take?

0
568
মহিলাসকলৰ ৩০ বছৰৰ পাছত শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে৷ বিশেষকৈ মহিলাগৰাকী যদি working woman হয়, তেন্তে তেওঁ নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ ধ্যান দিয়া উচিত৷ কিয়নো, প্ৰায়ে ৩০ৰ পাছত মহিলাসকলৰ শৰীৰত আইৰনৰ অভাৱ, ওজন বৃদ্ধি, কেলচিয়ামৰ অভাৱত হাড় ক্ষয় যোৱা, ডায়েবেটিছ আদি বিভিন্ন সমস্যাই জুুমুুৰি ধৰে৷ সেয়েহে আজি আমি আলোচনা কৰিম– ৩০ৰ পাছত মহিলাসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত৷

(১) ৩০ৰ পাছত মহিলাসকলে পাচলিৰ ভিতৰত ব্ৰকলি, ৰঙালাও, জাতিলাও, গাজৰ, অমিতা, সেউজীয়া শাক-পাচলি আদি খোৱা উচিত৷ এনেধৰণৰ পাচলিয়ে বিশেষকৈ গৰমৰ দিনত শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে৷

Chunky Vegetable Salad Recipe | MyRecipes


(২) ৩০ৰ পাছত মহিলাসকলৰ হাড় ক্ষয় যোৱাৰ সমস্যাই দেখা দিয়ে৷ সেয়েহে তেনে সময়ত কেলচিয়াম, ভিটামিন-D যুক্ত খাদ্য যেনে–গাখীৰ, দৈ, চিজ, কণীৰ কুহুম আদি খোৱা উচিত৷

Getting Enough Calcium for Strong & Healthy Bones


(৩) ডায়েটেৰী ফাইবাৰযুক্ত খাদ্যই ৩০ৰ পাছত তেজৰ glucose-ৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ সেয়েহে এনে সময়ত মহিলাই বাদাম, ফল, মাহজাতীয় শস্য যেনে– বুট, মটৰ, ৰাজমা, লুবিয়া আদি খোৱা উচিত৷

The 9 Healthiest Beans and Legumes You Can Eat


(8) যিহেতু ৩০ৰ পাছত মহিলাসকলৰ মুখত বয়সৰ চাপ পৰা আৰম্ভ হয়, সেয়েহে মহিলাসকলে তৰমুজ, ডালিম, মিঠাআলু, ওটছ, মৌ, গ্ৰীন টী আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত৷

Dieting Tips to Care for Your Skin


(৫) ৩০ৰ পাছত মহিলাসকলে চেনিযুক্ত খাদ্য যেনে– মিঠাই,কে’ক, চকলেট তথা নিমখ খোৱা বাদ দিয়া উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here