সূৰ্যৰ পৰা আমি পোহৰ তথা শক্তি পাওঁ৷ পৃথিৱীৰ সমগ্ৰ শক্তিৰ উৎস হ’ল সূৰ্য৷ সূৰ্যৰ আলোক বা ৰশ্মি আমাৰ বাবে অত্যন্ত গুকুত্বপূৰ্ণ৷ সূৰ্যৰ পোহৰ নোহোৱাহেঁতেন গোটেই পৃথিৱীখনেই অন্ধকাৰ হৈ পৰিলহেঁতেন৷ এতিয়া আপুনি কল্পনা কৰক যে সূৰ্যৰ পোহৰ তথা শক্তি নাথাকিলে কি পৰিৱৰ্তিত ঘটনা সংঘটিত হ’লহয়৷ অন্ধকাৰ হোৱাৰ উপৰিও পৃথিৱীত এনে কিছু প্ৰৱৰ্তন ধটিব যি ৰীতিমতে চমকাই দিব৷ ফ্ৰীজ এটাত গৰম চাহ একাপ ৰাখিলে লগে লগে ঠাণ্ডা হৈ নাযায়৷ ঠিক একেদৰে সূৰ্যৰ পোহৰ নাথাকিলে হঠাতে পৃথিৱী শীতল হৈ নাযাব৷ কিয়নো মহাকাশৰ ঘূৰ্ণনৰ বাবে পৃথিৱী কেইবা মিলিয়ন বছৰ ধৰি একেবাৰে ঠাণ্ডা হৈ নাযাব৷ কিন্তু ক্ৰমাগতভাৱে সূৰ্যৰ পোহৰ কমি গৈ তাপমাত্ৰা মাইনাছৰ দিশে গতি কৰিব৷
সূৰ্যৰ পোহৰ যেতিয়া পৃথিৱীত নপৰিব৷ তেতিয়া এক সপ্তাহমানৰ ভিতৰত পৃথিৱীপৃষ্ঠৰ তাপমাত্ৰা শূন্য ডিগ্ৰীলৈ নামি যাব৷ ধীৰে ধীৰে তাপমাত্ৰা মাইনাছ ডিগ্ৰীলৈ গতি কৰিব৷ যাৰ ফলত তুষাৰপাত হ’ব তথা জীৱন যাত্ৰা অত্যন্ত কঠিন হৈ পৰিব৷ ইয়াৰ উপৰি সমুদ্ৰৰ ওপৰৰ স্তৰবোৰ বৰফত পৰিণত হ’ব৷ কেইবা লক্ষ বছৰ পাছত পৃথিৱীৰ তাপমাত্ৰা -৪০০ ডিগ্ৰীলৈ গতি কৰিলে স্থিতিশীল হৈ পৰিব৷
উল্লেখ্য যে সূৰ্যৰ পোহৰ অদৃশ্য হ’লে কেইটামান দিনত ভিতৰতে পৃথিৱীৰ জনজীৱন ৰীতিমতে নিঃশেষ হৈ যাব৷ সালোকসংশে¡ষণ প্ৰক্ৰিয়া বন্ধ হৈ পৰিব৷ প্ৰকৃতিৰ অধিকাংশ উদ্ভিদ, গছ-গছনি বিলুপ্তিৰ দিশে গতি ল’ব৷ খাদ্যৰ অভাৱত মানৱ জীৱজগত ধবংস হ’ব৷ আনহাতে তাপমাত্ৰা মাইনাছ ডিগ্ৰীলৈ গতি কৰাত অতি ক্ষুদ্ৰ প্ৰাণী, অনুজীৱবোৰে বাচি থাকিব পাৰিব৷ বাকী জীৱজগত কালৰ সোঁতত বিলীন হ’ব৷