অসম কেঞ্চাৰৰ হট্‌স্পটত পৰিণত হৈছে নেকি ?

0
866

কেঞ্চাৰৰ ‘হটস্পট’ত পৰিণত হৈছে অসম৷ শেহতীয়াকৈ ৰাজ্যখনত এই মাৰাত্মক ৰোগবিধে ঘাতকৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰতিবছৰেই ভয়াৱহভাৱে বৃদ্ধি পোৱা এই ৰোগত যোৱা পাঁচ বছৰতে ৰাজ্যখনত ১ লাখ ১৪ হাজাৰ ১৬৯জন লোকৰ মৃত্যু ঘটাৰ লগতে আক্ৰান্ত হৈছে ১ লাখ ৮৯ হাজাৰ ৪৭৮জন লোক৷ ৰাজ্যবাসীৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য সদৰী কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে প্ৰকাশ কৰা মতে, অসমত প্ৰতিবছৰেই কেঞ্চাৰত আক্ৰান্ত হোৱা লোকৰসংখ্যা যিদৰে বৃদ্ধি পাইছে সেইদৰে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ বিস্তৃত তথ্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেঞ্চাৰত আক্ৰান্ত হৈ অসমত ২০১৮ চনত ২১,৭১৫জন, ২০১৯ চনত ২২,২৬১জন, ২০২০ চনত ২২,৮২৪জন, ২০২১ চনত ২৩,৩৯৫জন আৰু ২০২২ চনত ২৩,৯৭৪জনৰ মৃত্যু হৈছে৷ আনহাতে যোৱা পাঁচ বছৰত ৰাজ্যখনত কেঞ্চাৰত আক্ৰান্ত হৈছে ৰ লাখ ৮৯ হাজাৰ ৪৭৮জন লোক৷ অসমত সকলোতকৈ অধিক লোক কেঞ্চাৰত আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত৷ জিলাখনৰ প্ৰতি এক লাখ পুৰুষৰ মাজত ২১৩জন আৰু এক লাখ মহিলাৰ মাজত ১৬৯গৰাকী এই মাৰাত্মক ৰোগবিধত আক্ৰন্ত হয়৷ সাধাৰণতে ৰাজ্যখনৰ পুৰুষসকলৰ মুখ, খাদ্যনলী আৰু হাওঁফাওঁত কেঞ্চাৰ ৰোগে আক্ৰমণ কৰাৰ বিপৰীতে মহিলাসকলৰ অধিকসংখ্যকৰেই স্তন আৰু জৰায়ুত কেঞ্চাৰ হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাসৰ বাবে অধিক লোক কেঞ্চাৰত আক্ৰান্ত হয়৷ অসমৰ কেঞ্চাৰ ৰোগীৰ ৪৮ শতাংশই ধঁপাত সেৱন কৰে৷ উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অব্‌ মেডিকেল ৰিছাৰ্চৰ এক প্ৰতিবেদনত অনাগত পাঁচ বছৰত ভাৰতত কেঞ্চাৰ ৰোগত আক্ৰান্তৰ সংখ্যা ১২ শতাংশলৈ বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷ এনে পৰিস্থিতিত অনাগত দিনত ৰাজ্যখনত কেঞ্চাৰ যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব, সেয়া নিশ্চিত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here