সুখবৰ : বিজ্ঞানীৰ হাঁওফাঁও কেঞ্চাৰৰ ভেক্‌চিনৰ আৱিষ্কাৰ

0
125


বৰ্তমান চিকিৎসা বিজ্ঞানৰ যথেষ্ট উন্নতি হৈছে আৰু ভালেমান গুৰুতৰ ৰোগৰ চিকিৎসা সম্ভৱ হৈ পৰিছে, কিন্তু কেঞ্চাৰ এতিয়াও দুৰাৰোগ্য হৈয়ে আছে৷ কিন্তু অচিৰেই কেঞ্চাৰৰ চিকিৎসাও সম্ভৱপৰ হৈ পৰিব৷ কিয়নো ব্ৰিটেইনৰ বিজ্ঞানীসকলে হাঁওফাঁও কেঞ্চাৰৰ ভেক্‌চিনৰ বিকাশ সাধন কৰি আছে৷ এইটো হ’ব হাঁওফাঁও কেঞ্চাৰৰ প্ৰথমটো ভেক্‌চিন৷ ব্ৰিটিছ গৱেষকসকলে প্ৰস্তুত কৰি থকা এই ভেক্‌চিনৰ নাম দিয়া হৈছে লাংভেক্স৷ ইয়াৰ সহায়ত হঁাওফাঁওত থকা কেঞ্চাৰ কোষসমূহ নষ্ট কৰি পেলোৱা হ’ব৷ ইয়াৰ বাবে মানুহৰ ৰোগ প্ৰতিৰোধী প্ৰণালীটো এনেদৰে সাজু কৰি তোলা হ’ব, যি কেঞ্চাৰ কোষবোৰ নষ্ট কৰি পেলাব৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, ফ্ৰান্সিছ ক্ৰিক ইন্‌ষ্টিটিউট আৰু ইউনিভাৰ্ছিটি কলেজ লণ্ডনৰ বিজ্ঞানীসকলে এই ভেক্‌চিন প্ৰস্তুতৰ কাম কৰি আছে৷ আমাৰ হাঁওফাঁওত থকা কোষবোৰত নিয়’এণ্টিজেন বুলি কোৱা ৰেড ফ্লেগ প্ৰটিন জমা হয়৷ এই প্ৰটিনত কেঞ্চাৰ নিউটেশ্যন হয়৷ বিজ্ঞানীসকলে প্ৰস্তুত কৰি থকা ভেক্‌চিনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰণালীক এই ৰেড ফ্লেগ প্ৰটিন চিনাক্ত কৰি নষ্ট কৰাৰ কাম কৰিব৷ এই ভেক্‌চিনে প্ৰতিবছৰে কেইবা হাজাৰ লোকৰ প্ৰাণ ৰক্ষা কৰিব বুলি কোৱা হৈছে৷ উল্লেখ্য যে ব্ৰিটেইনত প্ৰতিবছৰে ৫০ হাজাৰ লোক হাঁওফাঁও কেঞ্চাৰত আক্ৰান্ত হয় আৰু ইয়াৰে প্ৰায় ৩৫ হাজাৰৰ মৃত্যু হয়৷ এখন প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি হঁাওফাঁওৰ কেঞ্চাৰ হোৱা প্ৰতি দহজনৰ ভিতৰত সাতজনে ধূমপান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here