সাৱধান ! দেশত কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি

0
2043

কৰ’না  ভাইৰাছৰ দ্বিতীয়টো ঢৌ সৃষ্টি হোৱাৰ লগে লগে দেশত ক্ষিপ্ৰতাৰে ইয়াৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ পৰৱৰ্তী সময়ত কভিড-১৯ এ দেশত ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰা হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশখনত ২৮,৯০৩ জন লোক নতুনকৈ কভিড-১৯ত আক্ৰান্ত হৈছে৷ এদিনত ইমান বেছিসংখ্যক লোকৰ সংক্ৰমণ হোৱা এয়ে প্ৰথম৷ ইয়াকে ধৰি দেশখনত কভিড-১৯ৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ১ কোটি ১৪ লাখ ৩৮ হাজাৰ ৭৩৪জনলৈ বৃদ্ধি পালে৷ যোৱা ২৪ ঘণ্টাত দেশখনত ১৮৮জন লোকৰ এই মহামাৰীত মৃত্যু হয় আৰু ইয়াকে ধৰি এইপৰ্যন্ত দেশত মৃত্যু হোৱা লোকৰ সংখ্যা ১ লাখ ৫৯ হাজাৰ ৪৪জনলৈ বাঢ়িল৷ অলপতে মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত এখন ভাৰ্চুৱেল বৈঠকত প্ৰধামনত্ৰীয়ে কৈছিল যে মহাৰাষ্ট্ৰ, পঞ্জাব আৰু মধ্য প্ৰদেশৰ দৰে কিছুমান ৰাজ্যত কভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়িছে আৰু শেহতীয়াকৈ দেশখনৰ প্ৰায় ৭০খন জিলাত পজিটিভিটিৰ হাৰ ১৫০ শতাংশতকৈও বেছি বৃদ্ধি পাইছে৷আনহাতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান চৰকাৰে পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক পৰীক্ষা নিদিয়াকৈ পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰিছে৷ প্ৰশাসনে চৰকাৰী বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে চলিত শিক্ষা বৰ্ষত কোনো পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে৷ শিক্ষাৰ্থীসকলক মূল্যায়নৰ আধাৰত পদোন্নতি দিয়া হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here