সাৱধান ! আহি আছে কৰ’নাৰ তৃতীয় ঢৌ

0
980
আমি আৰু অধিক সাৱধান আৰু সতৰ্ক হ’বৰ হ’ল৷ কিয়নো, কৰ’নাৰ দ্বিতীয় ঢৌৰ প্ৰকোপ কিছু হ্ৰাস পোৱাৰ পাছতে এতিয়া তৃতীয় ঢৌৰ আশংকা প্ৰকাশ কৰা হৈছে৷ এই তৃতীয় ঢৌক লৈ মহাৰাষ্ট্ৰ চৰকাৰৰ কভিড টাস্ক ফ’ৰ্চৰ অধ্যক্ষ ডাঃ শশাংক যোশীয়ে জনসাধাৰণক সতৰ্ক কৰি দিছে৷ মহাৰাষ্ট্ৰত অহা দুই-তিনি সপ্তাহৰ ভিতৰত কৰ’নাৰ তৃতীয় ঢৌ আহিব বুলি প্ৰকাশ কৰা হৈছে৷ অধ্যক্ষ ডাঃ শশাংক যোশীয়ে দাখিল কৰা তথ্য মতে, তৃতীয় ঢৌত আক্ৰান্তৰ সংখ্যা দ্বিতীয় ঢৌতকৈ অধিক হ’ব আৰু সক্ৰিয় ৰোগীৰ সংখ্যা আঠ লাখ অতিক্ৰম কৰিব বুলিও কোৱা হৈছে৷ তেওঁ লগতে উল্লেখ কৰে যে যদিহে জনসাধাৰণে অহা তিনিদিনৰ আগলৈকে হোৱা জনসমাগম অব্যাহত ৰাখে, তেন্তে পৰৱৰ্তী সময়ত কৰ’নাৰ তৃতীয় ঢৌ অহাটো নিশ্চিত৷ সেয়ে জনসাধাৰণক তৎকালে সকলো কভিড বিধি মানি, বিনা কাৰণত জনসমাগমৰ সৃষ্টি নকৰি, মুখত মাস্ক পিন্ধি থাকিবলৈ আহবান জনাইছে৷ অন্যথা ইয়াৰ পৰিণাম ৰাজ্যৰ লগতে দেশৰ নাগৰিকে ভোগ কৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here