সাত হাজাৰ বছৰ পুৰণি এটা শিলৰ পথ আৱিষ্কাৰ হ’ল সমুদ্ৰতলিত৷ ক্ৰোৱেছিয়াৰ উপকূলত সামুদ্ৰিক তলত এই পথটো বিজ্ঞানীয়ে প্ৰত্যক্ষ কৰিছে৷ ক্ৰোৱেছিয়াৰ জাগাৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত গৱেষকৰ দলে কোৰকুলা দ্বীপত এই পথৰ সন্ধান লাভ কৰিছে৷ এই পথটোক লৈ বিভিন্ন মহলে ভিন্ন ব্যাখ্যা দাঙি ধৰিছে৷ পুৰাতাত্ত্বিকবিদে ধাৰণা কৰা মতে প্ৰাচীন সভ্যতাৰ নিদৰ্শনৰ লগত কোৰকুলা দ্বীপৰ সংযোগ ৰক্ষা কৰিছিল এই পাথৰৰ পথটোৱে৷ আনহাতে বিজ্ঞানীসকলে জনাইছে যে চাৰি মিটাৰ ওখ এই পথ বনাওঁতে যি পাথৰ ব্যৱহাৰ কৰা হৈছিল তাৰ প্ৰকাৰ বিশ্লেষণ কৰিলে ৪৯০০ খ্ৰীষ্টাব্দতে এই পথ নিৰ্মাণ কৰা হৈছিল বুলি ঠাৱৰ কৰা হৈছে৷ তেওঁলোকে কয় যে কাৰ্বন ডেটিং কৰা হ’লে এই সময়কাল সম্বন্ধে আৰু অধিক নিশ্চিত হ’ব পৰা গ’লহেঁতেন৷ আন এক খবৰ মতে সমুদ্ৰৰ পানীৰ তলত পুৰাতাত্ত্বিক বিভাগ খননত কোৰাকুলা দ্বীপত নিলিথিক যুগৰ ছোলাইন সভ্যতাৰ চিহ্ন পাইছে৷ ইয়াক লৈ পুৰাতাত্ত্বিক বিভাগে বিস্মিত হৈছে, বিশেষতঃ সামুদ্ৰিক কাদাৰ স্তৰত এই প্ৰাচীন পথটোৰ সন্ধানক লৈ৷ কোৰাকুলা দ্বীপত উপকূলীয় অংশত পথটো প্ৰাগৈতিহাসিক সময়ৰ ভাৰ সভ্যতাৰ নিদৰ্শন নিৰ্ধাৰণ কৰিছে৷