সন্তানৰ উচ্চতা বঢ়াবলৈ এইবোৰ খাদ্য খাবলৈ দিয়ক

0
495


বয়স অনুপাতে সন্তানৰ উচ্ছতা ঠিকমতে নাবাঢ়িলে মাক-দেউতাকৰ চিন্তাৰ কাৰণ হৈ পৰে৷ অৱশ্যে বিভিন্ন ক্ষেত্ৰত শিশুৰ শৰীৰৰ উচ্ছতা বৃদ্ধিৰ কাৰকটো জিনগত কাৰণৰ বাবেও হ’ব পাৰে৷ আনহাতে প্ৰায় ক্ষেত্ৰতে সন্তানৰ পুষ্টিকৰ খাদ্যৰ অভাৱ হ’লেও উচ্ছতা সঠিক মতে নাবাঢ়ে৷ ইয়াৰ বাবে সন্তানৰ দৈনন্দিন খাদ্য তালিকাত নজৰ দিয়া উচিত৷ শিশুক দৈনিক খাবলৈ দিয়া খাদ্য তালিকাত সঠিক অনুপাতত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফেট তথা ভিটামিন থকাটো ভাল৷ জানো আহক কি কি খাদ্য খোৱাৰ ফলত শিশুৰ শাৰীৰিক উচ্চতা বাঢ়িব পাৰে৷
গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যিয়ে হাড় মজবুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আনহাতে গাখীৰ প্ৰ’টিনৰ ভাল উৎস৷ প্ৰ’টিনে কোষ বৃদ্ধিত সহায় কৰে৷ সেয়েহে সন্তানৰ শিশু অৱস্থাত উচ্চতা বৃদ্ধিৰ কাৰণে গাখীৰে বেছ সহায়ক হিচাপে কাম কৰে৷ গাখীৰ উপৰি পনীৰ, মিঠা দৈ, চিজ আদি খালেও উচ্ছতা বৃদ্ধিত সহায় কৰে৷
ছয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে, যিয়ে দেহৰ কোষ আৰু হাড়ৰ গঠনত সহায় কৰে৷ শিশুৰ দেহৰ গঠন তথা বৃদ্ধিৰ বাবে খাদ্য তালিকাত ছয়াবিন অন্তৰ্ভুক্ত কৰাটো নিতান্তই প্ৰয়োজন৷
প্ৰ’টিনেৰে ভৰপূৰ মুৰ্গীৰ মাংস খালে শিশুৰ হাড় আৰু মাংসপেশী মজবুত হয়৷ শিশুৰ উচ্ছতা বৃদ্ধিৰ কাৰণে নিয়মিতভাৱে মুৰ্গীৰ মাংস খাবলৈ দিব পাৰে৷ আনহাতে কণীয়েও শিশুৰ উচ্চতা বৃদ্ধিত অৰিহণা যোগায়৷ কণীৰ হালধীয়া অংশত স্বাস্থ্যকৰ ফেট থাকে, যিয়ে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ ঘটাৰ বাবে অত্যন্ত উপকাৰী৷
মেথি, পালেংশাক, বন্ধাকবিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি, ভিটামিন-কে, কেলচিয়াম, আইৰন, মেগনেচিয়াম আদি পোৱা যায়৷ এই সকলোবোৰ উপাদানে শিশুৰ উচ্চতা বৃদ্ধিত সহায় কৰে৷
ভিটামিন আৰু খনিজৰে ভৰপূৰ আলমণ্ডে শিশউৰ উচ্চতা বৃদ্ধিত সহায় কৰে৷ ইয়াত স্বাস্থ্যকৰ ফেট, ফাইবাৰ, মেংগানিজ, মেগনেচিয়াম তথা ভিটামিন-ই প্ৰচুৰ মাত্ৰাত থাকে বাবে শিশুৰ হাড় মজবুত কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here