হিন্দু ধৰ্মাৱলম্বী লোকসকলে সকলো পূজা-পাৰ্বণত আন বাদ্যযন্ত্ৰৰ লগতে শংখ বজোৱাটো এক অঘোষিত নিয়ম৷ পুৰোহিতে মন্দিৰত পুৱা শংখ বজাই পূজাৰ কাম সম্পাদন কৰে৷ পূজাৰ বাহিৰেও বহুতেই প্ৰতিদিনে ঘৰৰ মংগল কামনাৰ বাবে শংখ বজায়৷ পুৱা শংখ-ঘণ্টাৰ মাত কাণত অনুৰণিত হ’লে মনটো ভক্তি ভাবত গদগদ হয় আৰু গোটেই দিনটো ফৰকাল লাগে, লগতে কাম কৰাত অনুপ্ৰেৰণা পোৱা যায়৷ এই শংখ বজোৱা কাৰ্যই আমাৰ শৰীৰৰ ওপৰত কিধৰণৰ প্ৰভাৱ পেলায় জানেনে?
এই বিশেষ ধৰণৰ সঁজুলিবিধত জোৰেৰে ফু দিওঁতে হাঁওফাঁও আৰু গলৰ পেশীত চাপ পৰে৷ এইদৰে পৰা চাপ পেশীৰ কাৰণে ব্যায়ামৰ লেখীয়া হয় আৰু অত্যন্ত ফলদায়ক হিচাপে কাম কৰে৷ এইদৰে শংখত ফু দিয়াৰ ফলত হাঁওফাঁওৰ তেজ চলাচল উন্নত হয় আৰু কাৰ্যক্ষমতা বৃদ্ধি পায়৷ যিসকলৰ জিভাৰ জড়তা আছে, তেওঁলোকে শংখ বজালে কাৰ্যকৰী ফল লাভ কৰে৷ থাইৰয়েড গ্ৰন্থিৰ উপকাৰ হয় শংখ বজোৱাৰ ফলত৷ আনহাতে শংখ বজোৱাৰ ফলত পেটৰ পেশীবোৰত যথেষ্ট চাপ পৰে৷ ইয়াৰ ফলত তেজৰ চলাচল উন্নত হয় আৰু পেটৰ পেশীবোৰ সক্ৰিয় হৈ উঠে৷ নিয়মিত শংখ বজালে প্ৰ’ষ্টেট গ্ৰন্থিৰ উপকাৰ হয়৷ নিয়মিতভাৱে শংখত ফু দিলে পেচাব ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি পায়৷