পৃথিৱীৰ কাষেৰে বিগত কেইটামান দিনত কেইবাটাও গ্ৰহাণু পাৰ হৈ গৈছে যদিও কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই৷ শেহতীয়াকৈ চাৰিটা গ্ৰহাণু পৃথিৱী অভিমুখে আহি আছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই সম্পৰ্কত এক সতৰ্কবাণীও শুনাইছে৷ এই চাৰিওটা গ্ৰহাণু দুদিনৰ ভিতৰত পৃথিৱীৰ কাষ চাপিব৷ নাছাৰ জেট প্ৰপালছন লেবৰেটৰিয়ে প্ৰকাশ কৰা অনুসৰি ২০২৩এল এনৰ নামৰ এটা গ্ৰহাণ পৃথিৱীক কাষেৰে পাৰ হ’ব৷ প্ৰায় ২০০ ফুট অৰ্থাৎ বিমান এখনৰ সমান এই গ্ৰহাণুটো পৃথিৱীৰ পৰা ৬,৮৬০,০০০ কিল’মিটাৰ আঁতৰত থাকিব৷ প্ৰায় ৩১ ফুটৰ শিলা খণ্ড এটুকুৰাৰ সমান আন এটা গ্ৰহাণু ২০১৮ এন ডব্লিউ ৬,৯১০,০০০ কিল’মিটাৰ দূৰত্বত পৃথিৱীৰ কাষেৰে পাৰ হ’ব৷ এই গ্ৰহাণুটোৰ বেদ হ’ল প্ৰতি ঘণ্টাত ৭৮,৫৪২ কিল’মিটাৰ৷ ইয়াৰ উপৰি আন দুটা গ্ৰহাণুৱেও অহা কেইদিনমানৰ ভিতৰত পৃথিৱীৰ কাষেৰে পাৰ হ’ব৷ পৃথিৱীৰ কাষেৰে পাৰ হ’ব ২০২৩ এম ডি ২ নামৰ ডেৰশ ফুটৰ বিমান এখনৰ সমান এটা গ্ৰহাণু৷ ইয়াৰ পাছতে সমান আকাৰৰ আন এটা গ্ৰহাণু ২০২৩ এম কিউৰ পৃথিৱীৰ কাষ চাপিব৷ এই চাৰিওটা গ্ৰহাণুৱে দুদিনৰ ভিতৰত পৃথিৱীৰ কাষেৰে পাৰ হ’ব৷ নাছাৰ মতে, গ্ৰহাণুকেইটাৰ যিকোনো এটা পৃথিৱীৰ পৰা ৭৫ লাখ কিল’মিটাৰ দূৰত্বলৈ আহিলে বিপদৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে নাছাই চাৰিওটা গ্ৰহাণুৰ ওপৰত সূক্ষ্মভাৱে দৃষ্টি ৰাখিছে৷