সতৰ্কবাণী ! কৰ’নাত ধূম্ৰপায়ীৰ মৃত্যুৰ সম্ভাৱনা ৫০ শতাংশ

0
1427
ধূমপান কৰাসকলৰ বাবে দুঃখবৰ৷ কভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ সকীয়নি দিছে যে ধূমপান কৰাসকলৰ কোনো লোক কভিডত আক্ৰান্ত হ’লে তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা ৫০ শতাংশ বৃদ্ধি পায়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে এই কথা সদৰী কৰে৷ তেওঁ কয় যে ধূমপায়ীসকল কভিডত আক্ৰান্ত হ’লে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃদৰোগ, কৰ্কট ৰোগ আদি বিভিন্ন গুৰুতৰ ৰোগত তেওঁলোক আক্ৰান্ত হ’ব পাৰে৷ ইয়াৰ ফলত তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা ৫০ শতাংশ বৃদ্ধি হয়৷ গতিকে যিসকলৰ ধূমপান কৰাৰ বদ-অভ্যাস আছে, তেওঁলোকে আজিৰ পৰাই এই অভ্যাস ত্যাগ কৰাৰ অনুশীলন কৰক। কাৰণ জীৱন অমূল্য। এই অমূল্য জীৱনটো নিঃশেষ কৰাৰ সুযোগ কৰ'নাক কেতিয়াও নিদিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here