মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত, ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত তথা হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ মেগনেচিয়ামৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ বিশেষকৈ মহিলাসকলৰ প্ৰিমেনষ্ট˜ুয়েল ছিনড্ৰোম, পেলভিক ব্যথা আৰু মেনোপজৰ লক্ষণৰ পৰা মুক্তি দিয়াত এই খনিজ যথেষ্ট সহায় কৰে৷ শৰীৰত পৰ্যাপ্ত পৰিমাণে মেগনেচিয়াম থাকিলে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত শাৰীৰিক জটিলতা কম হয়৷ ইয়াৰ উপৰি মেগনেচিয়ামে মূৰৰ বিষ, উদ্বেগ আনকি টোপনিৰ হোৱা ব্যাঘাত নিয়ন্ত্ৰণত সহায় কৰে৷ গৱেষণাত কোৱা হৈছে যে মেগনেচিয়াম তথা ভিটামিন-বি৬১ সংমিশ্ৰণ প্ৰিমেনষ্ট˜ুয়েল লক্ষণবোৰ উল্লেখ্যযোগ্যভাৱে উন্নত কৰে৷ সেয়ে মহিলাসকলে শৰীৰত মেগনেচিয়ামৰ অভাৱ সম্পৰ্কে সতৰ্ক থকা ভাল৷ মেগনেচিয়ামৰ অভাৱৰ প্ৰাথমিক লক্ষণবোৰৰ ভিতৰত এটা হ’ল খাদ্য কমি যোৱা, খাবলৈ মন নকৰা৷ আনহাতে মেগনেচিয়ামৰ অভাৱৰ হ’লে বমি বমি ভাব হয়৷ মেগনেচিয়ামৰ অভাৱত ফলত হজম শক্তি ব্যাহত হয়৷ ক্লান্তি বা পেশী দুৰ্বলতা মেগনেচিয়ামৰ অভাৱৰ ফলত হ’ব পাৰে৷ শৰীৰত মেগনেচিয়ামৰ অভাৱ হ’লে মহিলাসকলৰ পিৰিয়ড ক্ৰাম্পৰ কষ্ট খুব এটা সাধাৰণ লক্ষণ৷ সেয়ে বিশেষকৈ মহিলাসকলে মেগনেচিয়ামৰ অভাৱৰ সম্পৰ্কে জনাটো খুবেই প্ৰয়োজন৷ ইয়াৰ অন্যথা যিকোনো সময়তে বিপদ হ’ব পাৰে৷