বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ যুগত মোবাইল ফোনটো এটা মুখ্য তথা সকলো সময়তে লগত ৰাখিবলখীয়া সম্পদত পৰিণত হৈছে৷ আমাৰ জীৱনশৈলীত মোবাইল ফোনটো এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ মোবাইল ফোনটো নহ’লে যেন এখোজো দিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইয়াৰ সমান্তৰালকৈ শিশুসকলৰ মাজকো মোবাইলপ্ৰীতি বাঢ়িছে৷ প্ৰায়ভাগ অভিভাৱকে নিজৰ সন্তানটোক খেলনা হিচাপে মোবাইল ফোন দিয়া হৈছে৷ নিজৰ সন্তানৰ ব্যস্ত তথা শান্ত কৰি ৰখাত আহিলা হিচাপে মোবাইলটো হাতত তুলি দিয়া এটা নিয়মৰ লেখীয়া হৈছে৷ কিন্তু ইয়াৰ ফলত ভৱিষ্যতে শিশুটিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে৷ কম বয়সতে সন্তানৰ হাতত মোবাইল দিলে এটা সময়ত শিশুটিয়ে মোবাইল ফবিয়াত আক্ৰান্ত হয়৷ তেনে শিশুৱে সকলো সময়তে কেৱল মোবাইলৰ প্ৰতিহে আকৃষ্ট হোৱা দেখা যায়, যিয়ে শিশুটিক শাৰীৰিক, মানসিক সকলো দিশতে বিস্তৰ ক্ষতি কৰে৷ তেনে শিশুৰ একাগ্ৰতা তথা কৰ্ম ক্ষমতা হ্ৰাস পায়৷ মোবাইল ব্যৱহাৰ কৰাৰ ফলত শিশুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়, সেই সম্পৰ্কে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফল ডেভেলপিং চাইল্ডে এক গৱেষণা চলাইছিল৷ গৱেষণাৰ ফলাফলত গম পোৱা গৈছিল যে ৯ বছৰ বয়সলৈকে অধিক সময় মোবাইল ব্যৱহাৰ কৰা শিশুৰ শৈক্ষিক পাৰদৰ্শিতা হ্ৰাস পায়৷ লগতে এই অভ্যাসে শিশুৰ মানসিক স্বাস্থ্যতো কুপ্ৰভাৱ পেলায়৷ এই গৱেষণাৰ পৰা জানিব পৰা গৈছিল যে সৰুতে শিশুৰ হাতত মোবাইল দিয়াটো তেওঁলোকৰ শৈশৱ কাঢ়ি অনাৰ দৰে৷ গৱেষণাই দাবী কৰা মতে ইয়াৰ পৰিৱৰ্তে তেওঁলোকক ডাঙৰৰ সৈতে কথা পতাত অধিক গুৰুত্ব দিব লাগে৷ কিতাপ পঢ়াৰ আগ্ৰহী কৰা, খেলা-ধূলা তথা শাৰীৰিক কাম-কাজ তথা ঘৰতে ইটো সিটো কামত ব্যস্ত ৰাখিব লাগে৷ ইয়াৰ জৰিয়তে শিশুটিয়ে শাৰীৰিক তথা মানসিক বিকাশ সাধন কৰিব পাৰে৷ সৰুতে মোবাইল ব্যৱহাৰ কৰাৰ ফলত শিশুটি আৱেগিকভাৱেও দুৰ্বল হৈ পৰে৷ আনহাতে সন্তানে মোবাইল অধিক সময় ব্যৱহাৰ কৰাৰ ফলত শিশুটিৰ স্বভাৱ খিংখিঙীয়া হৈ পৰে৷ অলপতে খং উঠা, টোপনি কমা আদি বিভিন্ন কাৰকে প্ৰভাৱ পেলাব পাৰে৷