যৌন মিলনৰ আগেয়ে কি কি কৰা অনুচিত

0
134


যৌন মিলন বা সংগমৰ সময়খিনি মানুহৰ ক্ষেত্ৰত সকলোতকৈ উত্তম সুখকৰ সময় বুলি ধৰা হয়৷ এই সময়খিনি দুয়োজনৰ মাজত যি সুখানুভূতি হয়, বুজাবুজিৰ সৃষ্টি হয়, জীৱনৰ আন ক্ষেত্ৰত একেবাৰে নহয়৷ জীৱনৰ সৰ্বোচ্ছ উজাৰি দিয়াৰ এটা সুমধুৰ ক্ষণ এই সময়খিনি৷ ইয়াৰ বাবে নিৰ্দিষ্ট এই সময়ত সকলোৱে আনন্দ পোৱাটো বিচাৰে৷ কিন্তু এনে কিছুমান বিষয় তথা কাৰক মূৰত ৰাখিলে মিলনৰ সময়ৰ যি আনন্দ, সুখ সকলো মাটিৰ লগত মিলি যায়, অসাৰ হয়৷ সেয়ে এই পাৰফেক্ট টাইমত এইধৰণৰ কথা বা বিষয় মগজুৰ পৰা বাদ দিয়াই উত্তম৷
যৌন মিলনৰ সময়ত কোনো সংকোচ থাকিলে সংগীজনীৰ সৈতে আলোচনা কৰা দৰকাৰ৷ মনৰ ভিতৰত ভয়, সংকোচ তথা কিবা অসুবিধা থাকিলে খোলাখুলিকৈ সংগীজনৰ কওক৷
যৌন মিলন বা ছেক্স কৰাৰ অভিজ্ঞতা ভাল নহ’বও পাৰে৷ হয়তো আগৰবাৰ মিলন হোৱাৰ সময়ত আপোনাৰ অভিজ্ঞতা ভাল নাছিল বাবে হানড্ৰেট পাছেণ্ট দিয়াত ব্যৰ্থ হৈছিল৷ ভীত নহৈ এনে পূৰ্ব অভিজ্ঞতাক এৰাই চলিবলৈ যত্ন কৰক৷
বহুতেই এলাৰ্জিৰ পৰা নিৰাময়ৰ বাবে এণ্টিহিষ্টামিন ঔষধ সেৱন কৰে৷ এইধৰণৰ ঔষধ সেৱনৰ ফলত যৌনাংগ শুষ্ক হৈ যাব পাৰে৷ এই কথালৈ মন দিব৷
যৌন মিলন বা সংগম কৰাৰ আগে আগে মদ বা তেনেজাতীয় মাদকদ্ৰব্য সেৱন কৰা উচিত নহয়৷ অতিমাত্ৰা মাদকদ্ৰব্য সেৱনে আপোনাৰ যৌন মিলনৰ ব্যাঘাত জন্মাব পাৰে৷
মনত ৰাখিব যৌন মিলনৰ সময়ত আপুনি কিধৰণৰ কণ্ডম ব্যৱহাৰ কৰিব সেয়া সংগীজনীৰ সৈতে আলোচনা কৰিহে ব্যৱহাৰ কৰিব৷
পৰিষ্কাৰ-পৰিচ্ছন্নতা সফল যৌন মিলনৰ অন্যতম চাবিকাঠী৷ সেয়ে সংগমৰ কৰাৰ আগেয়ে নিজকে চাফ-চিকুণকৈ সজাবলৈ চেষ্টা কৰক৷
মনত ৰাখিব যৌন মিলন বা সংগম খুব স্পৰ্শকাতৰ বিষয়৷ সেয়ে মিলনৰ সময়ত এনে কোনো প্ৰসংগৰ অৱতাৰণা নকৰিব, যিয়ে সংগমত বাধা হিচাপে দেখা দিব পাৰে৷ আপোনাৰ সংগীজন যাতে বিব্ৰত নহয়, তালৈ মন কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here