অলপ ইতিহাস ঃ
যোগ বিদ্যাৰ জ্ঞান পাঁচ হাজাৰ বছৰ পুৰণি ভাৰতীয় বিজ্ঞান। শ্ৰুতি পৰম্পৰা অনুসৰি ভগৱান শিৱ যোগবিদ্যাৰ আদিগুৰু। হেজাৰ হেজাৰ বছৰ আগতে হিমালয় পৰ্বতৰ পাদদেশৰ কান্তি সৰোবৰৰ তীৰত আদিযোগী শিৱই যোগৰ গুঢ় জ্ঞান মহৰ্ষি সপ্তৰ্ষিক প্ৰদান কৰিছিল। গতিকে শিৱ হৈছে সৰ্বপ্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ যোগী। হিন্দুধৰ্মৰ বেদ আৰু উপনিষদৰ লগতে মহাভাৰতৰ দৰে ধ্ৰুপদী গ্ৰন্থতো যোগৰ বিষয়ে উল্লেখ আছে। বৌদ্ধ আৰু জৈন ধৰ্মৰ গ্ৰন্থত যোগৰ সাৱলীল বৰ্ণনাই যোগৰ মহত্ব আৰু যোগ যে ধৰ্মীয় গোড়ামিৰ উৰ্দ্ধত — এই কথা সোঁৱৰাই দিয়ে। পিছৰ পৰ্যায়ত মহৰ্ষি পতঞ্জলিয়ে যোগসুত্ৰৰ ৰচনাৰে যোগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ জৰিয়তে যোগদৰ্শনৰ সূচনা কৰে।
আচলতে যোগ কি ?
সংস্কৃত বাংময় অনুসৰি যোগ শব্দটো “য়ুজ” ধাতুৰ সৈতে “ঘঞ” প্ৰত্যয় সংযোগ হৈ নিস্পন্ন হৈছে।
পাণিনীয় ব্যাকৰণ অনুসৰি ই তিনিটা অৰ্থত ব্যৱহৃত হৈছে।
(১) য়ুজ সমাধো – সমাধি
(২) য়ুজিৰ যোগ – সংযোগ
(৩) য়ুজ সংযমনে – সামঞ্জস্য
বিভিন্ন প্ৰকাৰৰ যোগৰ ভিতৰত ৰাজযোগ, হঠযোগ, জ্ঞানযোগ, ভক্তিযোগ, কৰ্মযোগ, কায়াযোগ আৰু ধ্যানযোগ আদি উল্লেখনীয়। সাধাৰণতে প্ৰচলিত আৰু জনপ্ৰিয় যোগাভ্যাস সমূহে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি, বন্ধ আৰু মুদ্ৰা তথা ষটকৰ্ম আদিক সামৰি লয়।
য়ম প্ৰতিৰোধক আৰু নিয়ম অনুপালনীয়। সেয়েহে যোগচৰ্চাৰ আগতে য়ম পালন কৰিব লাগে আৰু যোগচৰ্চাৰ সময়ত নিয়মবোৰ সদায় মানি চলিব লাগে। আসন যোগৰ প্ৰধান অলংকাৰ। প্ৰাণায়ামে হাওঁফাওঁ সবলীকৰণৰ দ্বাৰা শ্বাস-প্ৰশ্বাসৰ স্বাভাৱিক গতি সুনিয়ন্ত্ৰিত কৰাৰ লগতে মানসিক সুস্থিৰতা বৃদ্ধি কৰে। ধ্যানৰ দ্বাৰাই মন আৰু শৰীৰ একত্ৰিত হয়। ধাৰণাই সুকৰ্ম সাধনৰ হকে মনক অগ্ৰগতি প্ৰদান কৰে। সমাধিত মন আৰু শৰীৰ কেন্দ্ৰীভূত হৈ শান্তিৰ সংযোগ ঘটায়। ষটকৰ্মই পাৰ্থিৱ পঞ্চমহাভৌতিক শৰীৰৰ আভ্যন্তৰীণ বৰ্জিত পদাৰ্থসমূহ নিষ্কাশন হোৱাত সহায় কৰে।
মন্ত্ৰজপ যোগৰ লগতে আয়ুৰ্বেদ শাস্ত্ৰৰো এক অনন্য অংগ তথা প্ৰাচীনতম চিকিৎসা পদ্ধতিৰ এক অভিন্ন অংশ। মন্ত্ৰজপে ইয়াৰ স্ব-প্ৰভাৱেৰে অন্তৰাত্মাক জাগ্ৰত কৰি মানসিক চাপ হ্ৰাস কৰাত অৰিহণা যোগায়।
যোগৰ দাৰ্শনিক বাখ্যা ঃ
যোগ হৈছে আধ্যাত্মিক আৰু অতি সূক্ষ্ম বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত জ্ঞান, যিয়ে মন আৰু শৰীৰৰ মাজত সামঞ্জস্য স্থাপন কৰে। ই স্বাস্থ্য জীৱনৰ এক কলা বা বিজ্ঞান। যোগ হৈছে সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্তি লাভৰ একমাত্ৰ সম্ভৱপৰ সাধন। ই এনে এটা পদ্ধতি যাৰ দ্বাৰা সমৃদ্ধ, পৰিপক্ব আৰু পৰিপূৰ্ণ জীৱনৰ সোপান সাজিব পাৰি। যোগাভ্যাসে শৰীৰ আৰু মন, চিন্তা আৰু কৰ্ম, প্ৰাপ্তি আৰু আত্মসংযম, মানুহ আৰু প্ৰকৃতিৰ মাজত এক নিবিড় সামঞ্জস্যতা বজাই ৰাখে। প্ৰকৃতিগতভাৱে শৰীৰত হোৱা পৰিবৰ্তনসমূহৰ প্ৰতি সহনশীলতা গঢ়ি তোলাৰ লগতে যোগাভ্যাসে সুস্বাস্থ্য প্ৰাপ্তিত সহায় কৰে। যোগ হ’ল মানৱ চেতনা বিকাশৰ এক বিৱৰ্তনমূলক প্ৰক্ৰিয়া। পশ্চিমীয়া মনোবিজ্ঞান য’ত শেষ হয়, ভাৰতীয় মনীষীসকলৰ মনন-চিন্তন তাৰ পৰাই আৰম্ভ হয়। মুঠৰ ওপৰত, যোগ হৈছে মানৱ জাতিৰ প্ৰতি প্ৰাচীন ভাৰতীয় দৰ্শন, পৰম্পৰা আৰু সংস্কৃতিৰ অমুল্য অৱদান। ই জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন ঘটায়। ই ব্যক্তিসত্তাক বিশ্বসত্তাৰ লগত বিলীন কৰায়।
যোগৰ বৈজ্ঞানিক লাভালাভ ঃ
সাপ্ৰতিক সময়ত সততে উচ্চাৰিত “জীৱনশৈলীজনিত ৰোগ” (Life Style Diseases)সমূহৰ প্ৰতিৰোধত যোগাভ্যাসৰ ভূমিকা অনস্বীকাৰ্য। এই কথা মানুহৰ অনুভৱৰ আধাৰত প্ৰতিষ্ঠিত। বিভিন্ন ধৰণৰ যোগাভ্যাসসমূহৰ পৰা হ’ব পৰা শাৰীৰিক আৰু মানসিক উপকাৰিতাসমূহ অতি বিস্তৃত আৰু ইয়াক থোৰতে উল্লেখ কৰা সম্ভৱ নহয়। কিন্তু এই কথা সংক্ষেপতে উল্লেখ কৰিব পাৰি যে যোগাভ্যাসে তিনিটা মূল পথৰ জৰিয়তে কাম কৰে। প্ৰথমতে, স্থানীয় প্ৰভাৱ (Local Effect)। শৰীৰৰ কোনো অংগ বা অংশত হৈ থকা ৰোগ (যেনে- কঁকাল বা ডিঙিৰ বিষ) যোগাভ্যাসৰ গতি (Movement)য়ে শিথিলতা, সুস্থিৰতা বা শক্তিযুক্ততা প্ৰদান কৰে।
দ্বিতীয়তে সামগ্ৰিক প্ৰভাৱ (Systemic Effect), যেনে- মন্দুকাসন কৰিলে অগ্নাশয় (Pancreas) ৰ ওপৰত স্থানীয় হেঁচা (Local Pressure) পৰে, ফলত অগ্নাশয়ৰ আলফা কোষবোৰ সক্ৰিয় হয় আৰু ইয়াৰ পৰা ইনছুলিন নিঃসৰণ আৰম্ভ হয়। এই নিঃসৰিত ইনছুলিনে তেজৰ লগত মিহলি হৈ ৰক্ত সঞ্চালন তন্ত্ৰৰ জৰিয়তে সৰ্বশৰীৰতে সঞ্চালিত হৈ তেজৰ পৰা শৰ্কৰা শোষণ কৰি তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এনেদৰে মন্দুকাসনে মধুমেহ ৰোগ নিয়ন্ত্ৰণ বা প্ৰতিৰোধত সহায় কৰে।
আকৌ অধিকাংশ যোগাভ্যাসতে শ্বাস-প্ৰশ্বাসৰ গতি নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰা হৈছে। শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণে হাওঁফাওঁৰ Tidal Volume বঢ়াই তোলে। ৰক্তসঞ্চালন তন্ত্ৰত অম্লজানৰ পৰিমাণ বৃদ্ধিৰ ফলত অক্সিহিম’গ্লবিন হিচাপে ই শৰীৰৰ অন্তিমটো কোষ পৰ্যন্ত বিয়পি যায়, শৰীৰটো উৰ্বৰ, সতেজ আৰু কাৰ্যক্ষম কৰি তোলে। ই যোগৰ সামগ্ৰিক প্ৰভাৱৰ আন এক উদাহৰণ।
তৃতীয়তে, যোগাভ্যাসত উচ্চাৰিত মন্ত্ৰজপ বা প্ৰাৰ্থনা আদিয়ে প্ৰভাৱৰ জৰিয়তে অন্তৰাত্মাক উদ্বুদ্ধ কৰি প্ৰশান্তি প্ৰদান কৰে। ই ক্ষিপ্ৰতৰ দৈনন্দিন কাৰ্যক্ৰমণিকা আৰু দ্ৰুততৰ বিশ্বায়নৰ ধামখুমীয়াত আমাৰ বাবে অতীৱ প্ৰয়োজনীয়।
যোগ দিৱস কি আৰু কেনেকৈ?
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৬৯তম সংযুক্ত ৰাষ্ট্ৰৰ মহাসভা (UNGA)ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ আগবঢ়ায়। ২০১৪ চনৰ ১১ ডিচেম্বৰত সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ সদস্যভুক্ত ১৯৩খন দেশৰ ভিতৰত অভিলেখসংখ্যক ১৭৭খন ৰাষ্ট্ৰৰ সমৰ্থনত প্ৰতিবছৰে ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইমৰ্মে ২০১৫ চনৰ ২১ জুন তাৰিখে নতুন দিল্লীৰ ৰাজপথত আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা ৮৪খন ৰাষ্ট্ৰৰ অংশগ্ৰহণ আৰু ৩৫,৯৮৫ গৰাকী লোকৰ উপস্থিতিৰে প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়া হৈছিল। ইয়াৰ পিছত ২০১৬ চনৰ ২১ জুনত চণ্ডীগড়ত কেন্দ্ৰীয় কাৰ্যসূচীৰে আয়োজিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ত্ৰিশ সহস্ৰাধিক লোকৰ অংশগ্ৰহণৰ লগতে ১৫০ গৰাকী দিৱ্যাংগ ব্যক্তিয়ে একেলগে যোগচৰ্চা কৰে। ৰাষ্ট্ৰসংঘৰ ১৯২খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত “Yoga for Body” শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় সমাৰোহ নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হয়। ২০১৭ চনত “Yoga for Health”, ২০১৮ চনত “Yoga for Peace”, ২০১৯ চনত “Yoga for Climate Action” শীৰ্ষক বাণীৰে যোগ পালন কৰা হয়। “Yoga at Home, Yoga with Family” শীৰ্ষক বাণীৰে যোগ দিৱস পালন কৰা হয়। এই বছৰ ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২০ চনৰ ২১ জুন তাৰিখে “Yoga at Home, Yoga with Family” শীৰ্ষক বাণীৰে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২০২১ বৰ্ষত “Yoga for Wellness” শীৰ্ষক বিষয়েৰে যোগ দিৱস পালন কৰা হৈছিল। এই বছৰৰ থিম হৈছে -—- “Yoga for Humanity.”
২১ জুনতেই কিয় ?
যোগ হৈছে মানৱ জাতিৰ প্ৰতি ভাৰতীয় দৰ্শন, সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ অনবদ্য অৱদান। ভাৰতবৰ্ষ হৈছে যোগৰ উৎপত্তিস্থল। ইয়াতেই কলা-কৃষ্টি, দৰ্শন, পৰম্পৰাৰ ঔৰষত আৰু আইৰ গৰ্ভত যোগৰ জন্ম হৈছে। ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ২১ জুন উত্তৰ গোলাৰ্ধত আটাইতকৈ দীঘল দিন হয়। আয়ুৰ্বেদ বিজ্ঞানৰ মতে সূৰ্যৰ তীব্ৰ উত্তাপে এই সময়ত পৃথিৱীৰ উত্তৰ গোলাৰ্ধত জলমোচনৰ জৰিয়তে জীৱকুলৰ স্বাস্থ্যৰ অৱনতি ঘটায়। সেয়েহে এনে এটা দিনত স্বাস্থ্যৰক্ষাৰ চৰ্চা অতীৱ প্ৰয়োজনীয়। এই কথা সাৰোগত কৰিয়েই ২১ জুন তাৰিখটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মোখনি ঃ
সাম্প্ৰতিক কোৰানাত্তোৰ সময় সমগ্ৰ বিশ্বই সুস্বাস্থ্য-চৰ্চাৰ প্ৰয়োজনীয়তা সম্পৰ্কে নতুনকৈ উপলব্ধি কৰিবলৈ লৈছে। এই সময়ত মানসিক শান্তি, শক্তি তথা সুস্থিৰতা বজাই ৰখাত যোগে বিশেষ ভূমিকা পালন কৰিব পাৰে। মানসিক সুস্থিৰতাই শাৰীৰিক সবলতা আৰু ৰোগ প্ৰতিৰোধী শক্তিবৰ্ধনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ইতিমধ্যে এই উদ্দেশ্যে কোৰোনা কালত নিৰ্বাসন গৃহ বা কোৱাৰেণ্টেইন কেন্দ্ৰসমূহৰ আৱাসীসকলৰ মাজত যোগচৰ্চাৰ পৰিবেশ গঢ়ি তোলা হৈছিল। ই সঁচাকৈয়েই এক ধনাত্মক চিন্তাৰ উন্মেষ ঘটাইছে।
সেয়েহে যোগক এটা মাত্ৰ দিৱসত সীমাবদ্ধ নাৰাখি জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৱে যোগৰ সাৰ্বজনীনতা আৰু উপকাৰিতা সম্পৰ্কে সজাগ হৈ সুস্বাস্থ্যৰ হকে নিয়মীয়া যোগাভ্যাসৰ জৰিয়তে সুস্থ, শান্তিপূৰ্ণ আৰু স্বাস্থ্যৱান সমাজ তথা দেশ গঢ়াত অৰিহণা যোগাওঁ আহক।
ডাঃ নিতুল বৈশ্য
ভ্ৰাম্যভাষ ঃ ৭৮৯৬২৪৬০০১