মৌৰ নামত বৰবিহ

0
2057

আপুনি জানেনে?– মানৱ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী মৌৰ নামত আপুনি খাই আছে বৰবিহ৷ ভাৰতত বিক্ৰী কৰি থকা হৈছে চীনৰ ‘চেনিৰ ৰস’ মিহলোৱা মৌ৷ দেশৰ কেইবাটাও ব্ৰেণ্ডে প্ৰস্তুত কৰা মৌত ধৰা পাৰিছে ‘চাইনীজ ছুগাৰ’ৰ উপস্থিতি৷ ডাবৰ, জণ্ডু, পতঞ্জলি, হিমালয়া আদি কেইবাটাও আগশাৰীৰ কোম্পানীয়ে বিক্ৰী কৰি থকা মৌত এবিধ বিশেষ ধৰণৰ চেনিৰ উপস্থিতি ধৰা পৰিছে৷ এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট চমুকৈ ‘চি এছ ই’ নামৰ সংস্থাটোৱে৷ চি এছ ইৰ গৱেষকসকলে দাবী কৰা মতে, ভাৰতৰ কেইবাটাও মৌৰ ব্ৰেণ্ডত এনে উপাদান ধৰা পৰিছে৷ ইয়াৰ বিপৰীতে উল্লিখিত কোম্পানীকেইটাই এই কথা অস্বীকাৰ কৰিছে৷ কোম্পানীকেইটাই কয় যে তেওঁলোকে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অব্‌ ইণ্ডিয়াই ধাৰ্য কৰা নীতি-নিয়মবোৰ সম্পূৰ্ণৰূপে মানিহে মৌ প্ৰস্তুত কৰে৷ চি এছ ইৰ সঞ্চালকপ্ৰধান সুনীতা নাৰায়ণে জনোৱা মতে, ভাৰতত প্ৰায় আটাইকেইটা ব্ৰেণ্ডেই চেনিৰ ৰস মিহলোৱা ভেজাল মৌ বিক্ৰী কৰে৷ ফলত মানুহৰ স্বাস্থ্যলৈ ভীষণভাৱে ভাবুকি নামি অহাৰ লগতে সঞ্চালকপ্ৰধানগৰাকীয়ে কৰ’না ভাইৰাছৰ সংমক্ৰণ বৃদ্ধিৰ আশংকাও ব্যক্ত কৰে৷ চি এছ ইয়ে ভাৰতৰ বজাৰত উপলব্ধ মৌজোলবোৰ সংগ্ৰহ কৰি নিউক্লিয়াৰ মেগনেটিক ৰিজ’নেন্স পৰীক্ষা কৰাৰ বাবে জাৰ্মানিলৈ প্ৰেৰণ কৰিছিল৷ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা ১৭টাৰ ভিতৰত মাত্ৰ তিনিটা ব্ৰেণ্ডৰ মৌজোলহে ভেজাল নহয় বুলি প্ৰমাণিত হৈছে৷ উল্লেখ্য যে মৌজোলৰ বিশুদ্ধতাৰ প্ৰমাণ কৰিবলৈ একমাত্ৰ উপায় হ’ল এন এম আৰ অৰ্থাৎ নিউক্লিয়াৰ মেগনেটিক ৰিজ’নেন্স পৰীক্ষা কৰোৱাটো৷ আমি বজাৰত উপলব্ধ মৌ ক্ৰয় কৰোঁতে অত্যন্ত সাৱধান হ’বৰ হ’ল৷ ভেজাল মৌৰ সেৱনৰ ফলত আমাৰ দেহলৈও বিভিন্ন ৰোগৰ আগমন ঘটিব পাৰে৷ সেয়েহে আহক, আজিৰ পৰা বজাৰত মৌ কিনোতে সকলোখিনি জানি-বুজিহে ক্ৰয় কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here