আমি সকলোৱে জানো মানুহতকৈ কুকুৰৰ ঘ্ৰাণশক্তি বেছি৷ অনুসন্ধানমূলক কাৰ্যত সেইকাৰণে কুকুৰক আৰক্ষীয়ে ব্যৱহাৰ কৰে লগতে নৈশ প্ৰহৰী হিচাপেও ই কাম কৰে৷ কিয়নো, কুকুৰৰ ঘ্ৰাণশক্তি মানুহতকৈ এশ হাজাৰগুণ বেছি৷ কুকুৰৰ উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়া মানুহতকৈ পৃথক৷ মানুহৰ নাকত ছয় মিলিয়ন ঘ্ৰাণ সংগ্ৰাহক থকাৰ বিপৰীতে কুকুৰৰ ক্ষেত্ৰত তিনিশ মিলিয়ন ঘ্ৰাণ সংগ্ৰাহক থাকে৷ ইহঁতৰ উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়া দুই ধৰণে সম্পন্ন হয়৷ এটা নাসাৰন্ধ্ৰৰে উশাহ লয় আৰু আনটো নাসাৰন্ধ্ৰৰে গোন্ধ ল’বলৈ ব্যৱহাৰ কৰে৷ যাৰ দ্বাৰা কুকুৰে নাসাৰন্ধ্ৰত সকলো গোন্ধ সঞ্চিত কৰি ৰাখিব পাৰে৷ অন্য জীৱৰ দৰে কুকুৰেও নিশাহত বতাহ এৰি দিয়ে, কিন্তু সিহঁতৰ সঞ্চিত গোন্ধখিনি বতাহৰ লগত এৰি নিদিয়ে৷ যিটোৱে পাছলৈ আৰু বেছি নতুন গোন্ধ লোৱাত সহায় কৰে৷ এটা নাসাৰন্ধ্ৰৰে কুকুৰে মুক্তভাৱে গোন্ধ ল’ব পাৰে, যিটোৱে কোণ দিশৰ পৰা গোন্ধ আহিছে, সেইটো সহজে অনুমান কৰিব পাৰে৷ অতি আচৰিত যে সিহঁতে একেটা সময়তে উশাহ-নিশাহ ল’ব পাৰে৷ কুকুৰৰ মুখৰ ওপৰত Vomeronasal নামৰ এক অংগ থাকে, যাৰ জৰিয়তে কুকুৰে মানুহৰ মনৰ ভাব-অনুভৱসমূহ বুজি পায়৷