মহিলাৰ ক্ষেত্ৰত আটাইতকৈ অসুৰক্ষিত মহানগৰ কোনখন ? Which is the most unsafe city for women?

0
695
২০১৯ চনৰ তুলনাত ২০২০ চনত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অপৰাধৰ সামগ্ৰিক হাৰ ১৬% হ্ৰাস পাইছে যদিও দেশখনৰ সকলো প্ৰধান মহানগৰৰ ভিতৰত দিল্লীতে মহিলাৰ বিৰুদ্ধে  অপৰাধৰ ঘটনা আটাইতকৈ বেছি৷ National Crime Records Bureau চমুকৈ NCRB-এ প্ৰকাশ কৰা তথ্য মতে দিল্লীত ভাৰতীয় দণ্ডবিধিৰ অধীনত পঞ্জীয়ন কৰা গোচৰৰ সংখ্যা ২০১৯ আৰু ২০২০ চনৰ ভিতৰত ১৮% কমে৷ প্ৰতি এক লাখ জনসংখ্যাত মহিলাৰ বিৰুদ্ধে যোৱা বছৰ দিল্লীত অপৰাধৰ হাৰ আছিল ১২৯.১ ৷ NCRB-ৰ তথ্য মতে মহিলাৰ বাবে দিল্লী আটাইতকৈ অসুৰক্ষিত মহানগৰ৷ ২০২০ চনত দিল্লীত মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ পঞ্জীয়ন হৈছিল ৯৭৮২টা৷ ২০২০ চনত মুম্বাই, পুনে, গাজিয়াবাদ, বেংগালুৰু, ইণ্ডোৰত পঞ্জীয়ন হোৱা মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰবোৰতকৈ দিল্লীত দুগুণৰো অধিক গোচৰ পঞ্জীয়ন হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here