মস্তিষ্কলৈ ৰক্ত চলাচল বাধাপ্ৰাপ্ত হ’লে অথবা ৰক্তনলী ফাটি গ’লে মস্তিষ্কৰ ভিতৰত ৰক্তপাত হ’লে ষ্ট্ৰ’ক হয়৷ তেজ চলাচল বিঘ্নিত হ’লে মস্তিষ্কৰ কিছু কোষ পুষ্টিৰ অভাৱত মৰি যায়৷ এই সমস্যা দীৰ্ঘায়িত হ’লে ক্ষতি হয় বেছি৷ সেয়ে ষ্ট্ৰ’কৰ লক্ষণ প্ৰকাশৰ লগে লগে জৰুৰীভাৱে চিকিৎসা কৰা ভাল৷ বিশ্বজুৰি মহিলাসকলৰ মাজত ষ্ট্ৰ’ক বা মস্তিষ্কৰ ৰক্তক্ষৰণৰ সম্ভাৱনা পুৰুষৰ তুলনাত বেছি৷ জীৱন যাপনত অনিয়ম আৰু অসচেতনতাৰ কাৰণে মহিলাৰ এই আশংকা বেছি থাকে৷ ইয়াৰ উপৰি মহিলাসকলৰ কিছু পৃথক কাৰণো থাকে৷ বিশেষকৈ ২০ ৰপৰা ৩৯ বছৰ বয়সীয়া মহিলাসকল ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা একেই বয়সৰ পুৰুষৰ তুলনাত দুগুণ৷ অথচ এই বয়সত অধিকাংশ মহিলাই ষ্ট্ৰ’ক সম্পৰ্কে সচেতন নহয়৷ বিষণ্ণতাৰ ফলত ষ্ট্ৰ’কৰ সম্ভাৱনা ২৯ শতাংশ বাঢ়িব পাৰে৷ বিষণ্ণতাত ভোগা মহিলাসকলৰ মাজত ধূমপানৰ প্ৰৱণতা, স্থূলতা, অনিয়ন্ত্ৰিত জীৱন যাপন, শৰীৰচৰ্চাৰ অভাৱ আদি থাকে৷ আনহাতে বেছিকৈ টোপনি মৰাৰ ফলত ষ্ট্ৰ’কৰ সম্ভাৱনা বাঢ়ি যায়৷ লগতে কম টোপনি মাৰিলেও এই সমস্যা বৃদ্ধি হয়৷ প্ৰতিদিনে ১০ ঘণ্টাৰ বেছি টোপনি মাৰিলে ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা ৬৩ শতাংশ বাঢ়িব পাৰে৷ প্ৰাপ্তবয়স্কসকলে প্ৰতি ৰাতি সাত ঘণ্টাকৈ টোপনি মৰা উচিত৷ টোপনিৰ সময়ত যিসকলৰ নাক বাজে, তেওঁলোকৰ ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা আৰু বেছি থাকে৷ যিসকল মাইগ্ৰেনৰ প্ৰৱণতা আছে, তেনে লোকৰ ষ্ট্ৰ’কৰ সম্ভাৱনা বেছি থাকে৷ পুৰুষসকলৰ তুলনাত মহিলাই মাইগ্ৰেনত সমস্যা বেছিকৈ ভোগে৷ বুকুৰ ঢপঢপনি, শ্বাস কষ্ট, মূৰ ঘূৰণি, বুকুৰ বিষ আদিবোৰ হ’লে এট্ৰিআল ফাইব্ৰিলেশ্যনৰ লক্ষণ হ’ব পাৰে৷ এই সমস্যা অস্বাভাৱিক হৃদস্পন্দন হয়৷ ইয়াৰ ফলত ষ্ট্ৰ’ক, হাৰ্ট ফেইলৰ আদি জটিলতাই দেখা দিব পাৰে৷ মহিলাসকলৰ মাজত লুপাছজাতীয় ৰোগৰ প্ৰৱণতা আৰু জন্ম নিয়ন্ত্ৰক বড়িৰ ব্যৱহাৰে ষ্ট্ৰ’কৰ সম্ভাৱনা বঢ়ায়৷ আনহাতে উচ্চ ৰক্তচাপ ষ্ট্ৰ’কৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে৷ মহিলাৰ মাজত অতিৰিক্ত নিমখ খোৱাৰ প্ৰৱণতা যথেষ্ট, যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷