মহিলাসকলৰ গভীৰ ঘনিষ্ঠতাৰ ইচ্ছা জাগে এই বয়সত

0
130

যৌৱন কালত নহয়, মহিলাসকলৰ গভীৰ ঘনিষ্ঠতাৰ ইচ্ছা কিছুমান নিৰ্দিষ্ট বয়সত বেছিকৈ জাগে৷ এই তথ্য সদৰী কৰিছে বিশেষজ্ঞই৷ নাৰী-পুৰুষৰ মাজৰ সম্পৰ্ক অভিন্ন৷ জীৱনত যিমানেই বিপদ, দুৰ্যোগ নামি নাহওক কিয়, এই সম্পৰ্কত কোনেও বাধা দি ৰাখিব নোৱাৰে৷আনহাতে কিছুমান নিৰ্দিষ্ট বয়সত এই স্পৃহা ঊধ্বৰ্মুখী হয়, নিজকে বুজিব নোৱৰা হৈ এই সময়খিনিত৷ যাক আমি যৌৱনকাল বুলি কওঁ৷ এই সময়ত সমাজৰ বিপৰীতে গৈও ল’ৰা-ছোৱালীয়ে কিছুমান নকৰিবলগীয়া কামো কৰে, যৌৱনৰ উত্তাপত৷ কিশোৰৰ পৰা যৌৱন কাল পোৱাৰ লগে লগে দেহত সান্নিধ্যৰ ইচ্ছা তৈয়াৰ হয়৷ এই বয়সত শৰীৰৰ যৌৱন ঢৌ খেলে৷ কোৱা হয় যে ২০ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত সকলোতকৈ বেছি ইচ্ছা জাগ্ৰত হয়৷ এই কথা বহুতেই বিশ্বাসো কৰে৷ কিন্তু বিশেষজ্ঞসকলে কোৱা মতে এইটো আচলতে নহয়৷ এই মতৰ বিপক্ষে গৈ তেওঁলোকে ক’ব বিচাৰে যে মহিলাসকলৰ ঘনিষ্ঠতাৰ ইচ্ছা প্ৰকট হোৱাৰ সময় বেলেগহে৷ মহিলাসকলৰ মতামত আৰু শৰীৰবৃত্তীয় ইচ্ছা-অনিচ্ছাক লৈ এটা গৱেষণাপত্ৰ প্ৰকাশিত হৈছে৷ এই গৱেষণাত উল্লেখ কৰা হৈছে যে ২০ বছৰৰ পৰা ২৩ বছৰৰ ৭০ শতাংশ মহিলাই গভীৰ ঘনিষ্ঠতাৰ সুখ উপভোগ কৰে৷ তেনে বয়সত মহিলাসকলে পাৰ্টনাৰৰ সৈতে ভাল পোৱাটো পচন্দ কৰে৷ ২৩ বছৰৰ পৰা ৩৫ বছৰ বয়সত মাত্ৰ ৪০ শতাংশ মহিলাই গভীৰ ঘনিষ্ঠতা বা সান্নিধ্য বিচাৰে৷ উল্লেখ্য যে জীৱনৰ এই পৰ্ব কিয় কমি যায় আকাংক্ষা৷ আচলতে এই বয়সত মহিলাসকল ক্ষেত্ৰত কেৰিয়াৰৰ প্ৰতি বেছি নজৰ দিয়াৰ ইচ্ছা কমি থাকে৷ নিজৰ বাবে দায়-দায়িত্ব আহি পৰে, ব্যস্ততাময় হয় জীৱন, কামৰ তাড়নাত উৱাদিহ নোপোৱা হয়৷ আনহাতে ৩৬ আৰু তাৰ বেছি বয়সী মহিলাসকলৰ ক্ষেত্ৰত ৮০ শতাংশই বিচাৰে ঘনিষ্ঠতাৰ সুখ৷ তেওঁলোকে নিজৰ সংগীৰ সৈতে একান্তই ঘনিষ্ঠতাত থাকিবলৈ চায়৷ আচলতে এই বয়সত মানুহে জীৱনৰ সফলতা লাভ কৰে৷ চাকৰি, টকা-পইচা, সুখ সকলোখিনি লাভ কৰে এই বয়সত৷ জীৱনত সফলতা লাভ কৰি সুখ-স্বাচ্ছন্দ্য অনুভৱ কৰে৷ মানুহৰ দুৰ্যোগ কমি যায়, চিন্তামুক্ত হয় মন৷ সেয়ে জীৱনটো উপভোগ কৰিবলৈ বিচাৰে এই সময়খিনিত৷ অৱশ্যে এইদৰে বয়স অনয়াসী সুখী হোৱাটো সঠিকভাৱে ক’ব নোৱাৰি, কিয়নো মানুহৰ সুখ-শান্তি নিৰ্ভৰ কৰে মানসিক আৰু শাৰীৰিক সক্ষমতাৰ ওপৰত৷ সেই মতে ইয়াৰ সংগীৰ ঘনিষ্ঠতাও জড়িত হৈ থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here