মহানুভৱতা : কৰ’নাৰ সংক্ৰমণৰ সময়ত অসমৰ দুই যুৱক

0
1238

গুৱাহাটী মহানগৰীৰৰ শিলপুখুৰীস্থিত কৃষ্ণ দাস আৰু উত্তৰ গুৱাহাটীৰ যাদৱ নাথ নামৰ দুই যুৱকে এই গৃহহাৰা লোকসকলক খাদ্য বিতৰণ কৰিবলৈ আগবাঢ়ি আহিছে

সমগ্ৰ দেশ এতিয়া কৰ’নাৰ কৰাল গ্ৰাসত৷ ইয়াৰ পৰা সাৰি যোৱা নাই অসম মুলুকো৷ শেহতীয়াকৈ ইয়াৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্যত অব্যাহত আছে আংশিক লকডাউন৷ ফলত খালী হৈ পৰিছে ৰাজপথসমূহ৷ দিনৰ ১১ বজাতে বন্ধ কৰা হয় দোকান-পোহাৰ৷ এই আংশিক লকডাউনৰ ফলত বিশেষকৈ সমস্যাৰ সন্মুখীন হৈছে খাটিখোৱা মানুহ তথা গৃহহাৰা লোকসকল৷ মঠ-মন্দিৰ, মছজিদ তথা ধৰ্মীয় স্থানসমূহ বন্ধ কৰি দিয়াৰ ফলত এই গৃহহীন লোকসকলে এতিয়া বতাহে-বৰষুণে, লঘোনে-ভোকে দিন কটাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে৷ এই সময়ছোৱাত কভিড পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে আৰ্তজনক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে দুজন যুৱক৷

গুৱাহাটী মহানগৰীৰৰ শিলপুখুৰীস্থিত কৃষ্ণ দাস আৰু উত্তৰ গুৱাহাটীৰ যাদৱ নাথ নামৰ দুই যুৱকে এই গৃহহাৰা লোকসকলক খাদ্য বিতৰণ কৰিবলৈ আগবাঢ়ি আহিছে৷ প্ৰথমাৱস্থাত কৃষ্ণ দাসে অকলেই নিজৰ সামৰ্থ্য অনুযায়ী এই লোকসকলক সহায় কৰি আহিছে৷ কিন্তু পাছলৈ যাদৱ নাথৰ সহযোগত ১৬ মে’ৰ পৰা তেওঁলোকে গুৱাহাটীৰ বিভিন্ন স্থানত তেওঁলোকে এই কাৰ্যসূচী নিয়মিত ৰূপত কৰিবলৈ আৰম্ভ কৰিলে৷ তেওঁলোকে জানিবলৈ দিয়া মতে, দৈনিক ৫০ গৰাকী লোকক তেওঁলোকে খাদ্যৰ যোগান ধৰে৷ ইয়াৰ লগতে তেওঁলোকে আশ্ৰয়হীন জীৱ-জন্তুবোৰকো খাদ্যৰ যোগান ধৰি আহিছে৷

তেওঁলোকৰ মতে এয়া কোনো নতুন কথা নহয়৷ এনেধৰণৰ মহৎ কাৰ্যসূচী আগতেও বহুতেই কৰি আহিছে৷ তেওঁলোকৰ দৰে বহুতো সাধাৰণ মানুহে জীৱ-জন্তুবোৰক সহায় কৰিবলৈ আহিছিল অথবা গৃহহাৰা লোকসকলোকো বিভিন্ন হোটেল, ৰেস্তোৰাঁ অথবা মন্দিৰলৈ অহা ভক্তপ্ৰাণ ৰাইজে খাদ্যৰ যোগান ধৰিছিল৷

কিন্তু এতিয়া কভিড প্ৰট’কল অনুসৰি ১১ বজাতে সকলো বন্ধ কৰিবলগীয়া হয় আৰু ১১ বজাৰ আগত যিহেতু হোটেলৰ পৰা খাদ্য যোগান ধৰাটো সম্ভৱ নহয়৷ সেয়েহে এই বিষয়টোৰ ওপৰত তেওঁলোকে চিন্তা-চৰ্চা আৰম্ভ কৰিলে৷ ইয়াৰ পাছতে তেওঁলোকে সামৰ্থ্য অনুযায়ী নিজৰ অনুদান আগবঢ়াই আহিছে৷ অৱশ্যে এই ক্ষেত্ৰত তেওঁলোকক বন্ধুবৰ্গ, ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ মানুহেও অৰ্থনৈতিকভাৱে যথেষ্ট সহায় কৰিছে বুলি জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here