গুৱাহাটীৰ প্ৰায় ১,১৫,০০০ পৰিয়ালক গৃহ সংযোগ সেৱাৰ জৰিয়তে সুৰক্ষিত পানী যোগান ধৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ অন্তৰ্গত ৫টা ভিত্তিক মিচাৰিং এৰিয়া ৩,০০০ পৰিয়ালক পৰীক্ষামূলকভাৱে পানী যোগানৰ বাবে যোৱা ২১ জুলাইত অনলাইন আৱেদনৰ বাবে এক ৱেবছাইট আৰু ম’বাইল এপ মুকলি কৰা হয়৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে জনতা ভৱনত আয়োজিত এক সভাত আনুষ্ঠানিকভাৱে www.gmdwsbin নামৰ ৱেবছাইটটো আৰু GJB Guwahati Jal Board নামৰ ম’বাইল এপটো মুকলি কৰে৷ মন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত পানী যোগানৰ এই গৃহ সংযোগ সেৱা গুৱাহাটীৰ আন আন অঞ্চললৈ প্ৰসাৰিত কৰা হ’ব বুলি মন্তব্য কৰে৷
আনহাতে বৰ্তমান পৰীক্ষামূলক পানী যোগানৰ বাবে সাজু হৈ উঠা পাঁচটা ডি এম এ অঞ্চলৰ ইচ্ছুক জনসাধাৰণক মন্ত্ৰীগৰাকীয়ে ১৫ দিনৰ ভিতৰত আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনায়৷ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস¸ শৰ্মা, নতুন দিল্লীৰ পৰা অনলাইনত সংযোগ স্থাপন কৰা জাইকাৰ বিভিন্ন বিষয়াবৰ্গ উপস্থিত থাকে৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝাই GMDW&SB ৱেবছাইট আৰু এটা নিৰ্দিষ্ট হেল্পলাইন নম্বৰ ৯১-৬০০৩৯-২০৮৪৬১ জৰিয়তে গ্ৰাহকে কিবা অভিযোগ থাকিলে উত্থাপন কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে৷