শীঘ্ৰে মুখৰ ক’লা দাগ দূৰ কৰাৰ তিনিটা ঘৰুৱা উপায়

0
1355

সাধাৰণতে মুখত এটা সমস্যা হ’ল মুখত পৰা ক’লা দাগ৷ বিভিন্ন কাৰণত মুখত ক’লা দাগ পৰিব পাৰে৷ বহুতেই মুখত পৰা ক’লা দাগ নোহোৱা কৰিবলৈ বজাৰত পোৱা বিভিন্ন প্ৰডাক্ট ব্যৱহাৰ কৰে৷ এইবোৰে প্ৰডাক্ট মুখৰ ক’লা দাগ সাময়িকভাৱে দূৰ কৰে যদিও পাছলৈ ছালখনৰ বাবে যথেষ্ট ক্ষতিকাৰক হয়৷ কিন্তু ক’লা দাগ নোহোৱা কৰিবলৈ ঘৰুৱাভাৱে কিছু সামগ্ৰী ব্যৱহাৰ কৰিলে দাগ দূৰ হোৱাৰ লগতে ছালখনৰ কোনোধৰণৰ ক্ষতি নহয়৷ জানো আহক মুখৰ ক’লা দাগ নাইকিয়া কৰিবলৈ ঘৰুৱাভাৱে কিদৰে যতন ল’ব৷
নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক এচিড পোৱা যায়, যিয়ে ছালখনৰ ওপৰত পৰা ক’লা দাগ নোহোৱা কৰিব পাৰে৷ নেমুৰ ৰস উলিয়াই ক’লা দাগ পৰা অংশত নিয়মিতভাৱে লগাওক৷ দেখিব লাহে লাহে দাগ নোহোৱা হৈছে৷
প্ৰতিদিনে ৰাতি শোৱাৰ সময়ত আলুৰ ৰস উলিয়াই ক’লা পৰা অংশত লগায়৷ তেতিয়া আপোনাৰ ছালখন যথেষ্ট পৰিষ্কাৰ হৈ পৰিব আৰু ক’লা দাগ দূৰ হয়৷
ছাল সতেজ, পৰিষ্কাৰ কৰি ৰাখিবলৈ বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷ যি ঠাইত ক’লা দাগ পৰিছে, সেই ঠাইত বিলাহীৰ ৰস লগাই আধা ঘণ্টামান পাছত পৰিষ্কাৰ পানীৰে ধুই দিব৷ এইদৰে এসপ্তাহ কৰিলে ক’লা দাগ পৰা অংশ ক্ৰমান্বয়ে আগৰ অৱস্থালৈ ঘূৰি আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here