মহাকাশত ঘটি থকা ঘটনা-পৰিঘটনাবোৰে বিজ্ঞানীসকলৰ লগতে সাধাৰণ লোককো আকৰ্ষণ কৰে৷ মহাকাশত তেনে এক বিৰল মহাজাগতিক ঘটনা দেখিবলৈ পোৱা গ’ল এক মাৰ্চত৷ সেইদিনা শুক্ৰ আৰু বৃহস্পতি গ্ৰহক একেবাৰে ওচৰা-উচৰিকৈ দেখা পোৱা গ’ল৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা জনায়৷ নাছাই কয় যে এনেধৰণৰ মহাকাশীয় পৰিঘটনাৰ জ্যোতিৰ্বিজ্ঞানৰ দিশৰ পৰা কোনো গুৰুত্ব নাই৷ নাছাৰ মতে এনেকুৱা পৰিঘটনাবোৰৰ দৃশ্যইহে সকলোকে আকৰ্ষিত কৰে৷ আমাৰ সৌৰজগতৰ গ্ৰহবোৰে মাজে-সময়তে পৰস্পৰৰ কাষ চাপে৷ ইয়াৰ কাৰণ হ’ল গ্ৰহবোৰে পৃথিৱীক নিজৰ কক্ষপথত থাকি পৰিভ্ৰমণ কৰি থাকে৷ এক মাৰ্চত ঘটা বিৰল মহাকাশত ঘটা ঘটনাটো সূৰ্যাস্তৰ পাছতহে দেখিবলৈ পোৱা গৈছিল৷ খালী চকুৰে দুয়োটা গ্ৰহক একেবাৰে কাষ চাপি অহা দেখিবলৈ পোৱা যায়৷ সেই সময়ত বৃহস্পতিৰ চাৰিটা উপগ্ৰহৰ তিনিটাকে প্ৰত্যক্ষ কৰা হৈছিল৷ সেইদিনা পৃথিৱীৰ পৰা দুয়োটা গ্ৰহকে যথেষ্ট উজ্জ্বল দেখা পোৱা গৈছিল৷