মহাকাশত এখন ‘বিশাল আইনা’ৰদৰে নতুন গ্ৰহ আৱিষ্কাৰ

0
329


বিজ্ঞানীসকলে আমাৰ সৌৰজগতৰ বাহিৰত এটা বিশাল গ্ৰহ আৱিষ্কাৰ কৰিছে৷ ইয়াক এতিয়ালৈকে আৱিষ্কাৰ কৰা গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ প্ৰতিফলনকাৰী বুলি কোৱা হৈছে৷ বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ পৰা প্ৰায় ২৬৪ আলোকবৰ্ষ থকা এই গ্ৰহটো মহাকাশত এখন বিশাল আইনাৰ দৰে৷ ইউৰোপিয়ান মহাকাশ সংস্থা চিয়পছ দূৰবীণে এই গ্ৰহটোৰ সম্পৰ্কত তথ্য লাভ কৰে৷ ইয়াৰ পৰা জানিব পৰা মতে এই গ্ৰহটোৱে ই পৰিভ্ৰমণ কৰি থকা নক্ষত্ৰটোৰ পৰা প্ৰায় আশী শতাংশ পোহৰ প্ৰতিফলিত কৰে৷ উল্লেখ্য যে পৃথিৱীয়ে সূৰ্যৰ পৰা অহা ৩০ শতাংশ ৰশ্মি প্ৰতিফলিত কৰে৷ এই গ্ৰহটোৱে অধিকাংশ ৰশ্মি প্ৰতিফলিত কৰাৰ ফলত আমাৰ সৌৰজগতৰ শুক্ৰ গ্ৰহটোৰ দৰে উজ্জ্বল ৰূপত ইয়াক দেখা পোৱা যায়৷ নেপচুনৰ সমান আকাৰৰ এই গ্ৰহটোৰ নাম ৰখা হৈছে এল টি টি ৯৭৭৯ বি৷ এই গ্ৰহটো প্ৰথমবাৰ দেখা পোৱা গৈছিল ২০২০ চনত৷ এই গ্ৰহটোৰ ই পৰিভ্ৰমণ কৰি থকা নক্ষত্ৰটোক এপাক মাৰিবলৈ সময় লাগে মাত্ৰ ১৯ ঘণ্টা৷ নক্ষত্ৰটোৰ একেবাৰে কাষতে নক্ষত্ৰটোৰ সন্মুখত থকা অংশটোৰ তাপমাত্ৰা প্ৰায় দুই হাজাৰ ছেলচিয়াছ৷ এই গ্ৰহটোৰ সম্পৰ্কে এখন প্ৰতিবেদন এষ্ট্ৰনমি এণ্ড এষ্ট্ৰ’ফিজিক্সত প্ৰকাশ পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here