সাধাৰণতে কণী ফুটি এটা পূৰ্ণাংগ মহৰ উৎপত্তি হ’বলৈ ৪০ দিন সময় লাগে৷ অৱশ্যে এনে কিছু প্ৰজাতিৰ মহ আছে, যি ইয়াৰ ব্যতিক্ৰম৷ মাত্ৰ পাঁচ দিনতেই এটা পূৰ্ণাংগ মহত পৰিণত হয়৷ আনহাতে মহৰ উপদ্ৰৱত সকলোৱে বিৰক্তিবোধ অনুভৱ কৰে৷ উৎকট গৰম দিনকেইটাত বিশেষকৈ সন্ধিয়া সময়কণত বাৰাণ্ডা অথবা চোতালত অলপ বহিলেই আপোনাক শান্তিৰে থাকিব নিদিয়ে৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কেতিয়াবা আঁঠুৱা নতৰি শুলে কাণৰ কাষত ভুনভুননি শব্দই আধাতে টোপনি হৰণ কৰে৷ আচৰিত কথাটো হ’ল এনে এবিধ বিৰক্তিদায়ক প্ৰাণীয়ে আমাৰ কামোৰাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ মাৰাত্মক ৰোগ হ’ব পাৰে৷ সেয়ে ৰোগৰ বাহক এই বিষাক্ত মহৰ বাবে সাৱধানতা অৱলম্বন কৰা দৰকাৰ, যাতে কোনোধৰণৰ ৰোগে আক্ৰমণ কৰিব নোৱাৰে৷ এই নিদ্ৰাহৰণকাৰী ক্ষুদ্ৰ প্ৰাণীবিধ বিশ্বৰ সকলো অঞ্চলতে বিৰাজমান৷ অৱশ্যে ইয়াৰ ব্যতিক্ৰম নোহোৱাও নহয়৷ এই সমলোবোৰ সমস্যাৰ পৰা মুক্ত দেশ হ’ল আইচলেণ্ড৷ বিশ্বৰ সকলো দেশতে মহ আছে যদিও আইচলেণ্ডৰ নৰ্ডিক অঞ্চলত মহ নাই৷ ইয়াত এটা মহো পাবলৈ নাই৷ অৰ্থাৎ আইচলেণ্ডৰ নৰ্ডিক অঞ্চল হ’ল বিশ্বৰ একমাত্ৰ মহমুক্ত অঞ্চল৷ ইয়াৰ কাৰণ হিচাপে ধৰা হয় এই অঞ্চলৰ আৱহাৱা৷ আইচলেণ্ডৰ আৱহাৱা এই ঠাইৰ বেছি প্ৰতিকূল, য’ত মহ থাকিব পৰাৰ কোনো পৰিৱেশেই নাই৷ এই অঞ্চলত এবাৰ শীত শেষ হোৱাৰ পাছত আৰু শীত আৰম্ভ হয় ৪০ দিন আগত৷ যাৰ ফলত ইয়াত বৰফেৰে আবৃত হৈয়ে থাকে গোটেই বছৰে৷ বৰফৰ পৰা পানীলৈ পৰিৱৰ্তন হ’বলৈ সময়েই নাপায়৷ যাৰ বাবে মহে এই ঠাইত বংশবৃদ্ধি কৰিবলৈ সুবিধাই নাপায়৷ ইয়াৰ লগতে অঞ্চলটোৰ জলবায়ু তীব্ৰ ঠাণ্ডা হোৱাৰ বাবে মহে বাস কৰাৰ পৰিৱেশ নাথাকে৷ সাধাৰণতে মহে কণী পাৰিবলৈ এই অঞ্চলত জলাশয়ৰ অভাৱ আৰু প্ৰচণ্ড ঠাণ্ডা আৰু স্ৰোতহীন নদীৰ অভাৱে মহৰ বাবে অনুকূল পৰিৱেশ নাপায় কাৰণে মহ জীয়াই থাকিব নোৱাৰে৷ সেয়ে এই অঞ্চলত মহ দেখিবলৈ পোৱা নাায়৷