মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ কিদৰে হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ?

0
226


মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে শৰীৰৰ হৰমনৰ ভাৰসাম্য বজাই ৰখাটো জৰুৰী৷ আৱেগ-অনুভূতি নিয়ন্ত্ৰণত ৰাখিবলৈ ফিল গুড ৰাসায়নিকবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আপোনাৰ মনটো ভাল নহয় বা মনটো বেয়া লাগি আছে৷ তেনেকুৱা সময়ত বহুতেই মনটো আনন্দৰ ভাব বা ভাল কৰিবলৈ ডাৰ্ক চকলেট অথবা আইচক্ৰিম খায়৷ এইবোৰ খালেই যে মন ভাল লাগিব সেইটোও নহয়৷ দৰাচলতে চকলেট বা আইচক্ৰিমত থকা উপাদানবোৰে হেপি হৰমনৰ উৎপাদন বা ক্ষৰণ বঢ়াই তোলে৷ কিন্তু এই জাতীয় বন্তুবোৰ খোৱাৰ ফলত শৰীৰত আন কিছু অসুবিধা বা সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ এইধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰত মেদ বাঢ়ি যাব পাৰে৷ ইয়াৰ লগতে অত্যধিক পৰিমাণে খোৱাৰ ফলত টাইপ ২ ডায়েবেটিছত আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ তেনেহ’লে মানসিক স্বাস্থ্যৰ বাবে কি কৰিব? আচলতে শাৰীৰবৃত্তীয় প্ৰায় সকলো কামেই বিভিন্ন প্ৰকাৰৰ হৰমনে পৰিচালনা কৰে৷ এই উপাদানবোৰৰ ক্ষৰণ অথবা উৎপাদন– কোনো এটা বেছি হ’লেই শৰীৰৰ ওপৰত প্ৰভাৱ পৰে৷ এই ক্ষেত্ৰত ছেৰোটনিন, ডোপামাইন, অক্সিটোছিন আৰু এনডৰফিন আদিৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ ঔষধ সেৱন নকৰি স্বাভাৱিকভাৱে এই উপাদানবোৰৰ মাত্ৰা কিদৰে বৃদ্ধি কৰা যায় জানো আহক৷
দিনৰ ভাগত বেছ কিছু সময় ৰ’দৰ তাপ লগালে ছেৰোটনিন হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ ইয়াৰ উপৰি নিয়মিতভাৱে শৰীৰ চৰ্চা কৰিলে, ট্ৰিপটোফেন নামৰ উপাদান আছে এনে কিছুমান খাদ্যত যেনে বিভিন্ন ৰকমৰ বাদাম, বীজ আদি খালেও এই হৰমনৰ ক্ষৰণ বাঢ়ি যোৱাৰ সহায় কৰে৷
চিকিৎসা বিজ্ঞানত কোৱা মতে গান শুনিলে ডোপামিন হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ আনহাতে কাঠবাদাম, এবোকাডো, কল আদি খাদ্যত টাইৰোছিন মানৰ এবিধ উপাদান থাকে৷ এইবোৰ খাদ্য দৈনিক খালে ডোপেমিনৰ মাত্ৰা বাঢ়ি যাব পাৰে৷
শুনিলে অবাক লাগিলেও এই কথা সত্য যে প্ৰিয়জনৰ সৈতে সময় কটালে অক্সিটোছিন হৰমনৰ ক্ষৰণৰ মাত্ৰা বাঢ়ি যায়৷ সেয়ে বন্ধু-বান্ধৱ, প্ৰিয়জন তথা সংগীৰ সৈতে বেছি সময় থাকিলে এই হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷
আন এবিধ হৰমন হ’ল এনডৰফিনছ৷ এই হৰমনবিধক নেচাৰেল পেইনকিলাৰ বুলিও জনা যায়৷ প্ৰাণ খুলি হাঁহিলে এই হৰমনৰ ক্ষৰণ বৃদ্ধি হয়৷ ইয়াৰ উপৰি নিয়মিতভাৱে শৰীৰচৰ্চা কৰিলেও এনডৰফিন হৰমনৰ ক্ষৰণ বাঢ়ি গৈ মনটো আনন্দনয় কৰি তোলাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here