দেশৰ বিভিন্ন চৰকাৰী কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত মৃত্যুপৰ্যন্ত অৱসৰী পেঞ্চন পায়৷ এই নিয়ম সুদীৰ্ঘ দিন ধৰি চলি আহিছে৷ ইয়াৰ ফলত কৰ্মচাৰীজনে চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছতো কোনোধৰণৰ আৰ্থিক বিপদত নপৰে অথবা অৰ্থৰ অভাৱত আনৰ ওচৰত হাত পাতিবলগীয়া নহয়, তাৰ নিমিত্তে চৰকাৰে কৰ্মচাৰীৰ হিতেৰ বাবে এই ব্যৱস্থা কৰি আহিছে৷ কিন্তু গছেও পেঞ্চন পায় এই কথা শুনিছেনে কেতিয়াবা৷ খোদ আমাৰ ভাৰতবৰ্ষতে এনে এখন ৰাজ্য আছে, য’ত গছেও পেঞ্চনৰ সুবিধা লাভ কৰে৷ বছৰত এই গছবোৰে মোটা অংকৰ ধন পেঞ্চন হিচাপে লাভ কৰে৷ অৱশ্যে সেই গছডালৰ বয়স ৭৫ বছৰ হ’ব লাগিব, তেতিয়াহে চৰকাৰী পেঞ্চনৰ লাভৰ আওতাত পৰিব৷ ইয়াৰ বাবে বাগান তথা বাৰীত যদি এনে কোনো গছ থাকে, যাৰ বয়স ৭৫ বছৰৰ ওপৰত, তেতিয়াহ’লে সেই ব্যক্তিজনে বন বিভাগৰ ওচৰত আৱেদন কৰিব পাৰে, যাতে সেই বিশেষ গছডালে পেঞ্চন লাভ কৰিবলৈ সুবিধা পায়৷ এই আৱেদন পোৱাৰ পাছত বন বিভাদৰ লোক আহি গছডাল পৰ্যবেক্ষণ তথা চৰজমিন তদন্ত কৰি তাৰ পৰা স্থিৰ কৰিব গছডালে পেঞ্চন পোৱাৰ বাবে যোগ্য হয় নে নহয়৷ উল্লেখ্য যে এইপৰ্যন্ত এই ৰাজ্যৰ বন বিভাগে ৮১০ ডাল এনে গছক পেঞ্চনৰ সুবিধা আগবঢ়াইছে৷ এই গছৰ গৰাকীৰ একাউণ্টত প্ৰতিবছৰে চৰকাৰী পেঞ্চনৰ ধন হিচাপে ২ হাজাৰ ৭৫০ টকা সোমায়৷ এই ধন দিয়া হয় গছডালৰ উপযুক্ত প্ৰতিপালন তথা যত্ন লোৱাৰ নিমিত্তে৷ উল্লেখ্য যে হাৰিয়ানা চৰকাৰে প্ৰাণবায়ু দেৱতা পেঞ্চন প্ৰকল্পৰ অধীনত এই গছবোৰক পেঞ্চন দিয়াৰ নিয়ম আৰম্ভ কৰিছে৷ এই প্ৰকল্পৰ অধীনত হাৰিয়ানাত তিনি হাজাৰ ৮১০ ডাল গছক এইপৰ্যন্ত পেঞ্চন দিয়া হৈছে৷ উল্লেখনীয় যে হাৰিয়ানাই ভাৰতৰ একমাত্ৰ ৰাজ্য, যিয়ে গছক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে৷চৰকাৰী পেঞ্চনৰ ধন হিচাপে