ভাৰতবৰ্ষতে এছিয়াৰ সকলোতকৈপৰিষ্কাৰ গাঁওখন আছে

0
229


পৃথিৱীৰ বিভিন্ন প্ৰান্তত অস্বাভাৱিকভাৱে বতৰৰ পৰিৱৰ্তন হৈছে৷ কিছুমান প্ৰান্তত উৎকট গৰমৰ প্ৰকোপ দ্ৰুতগতিত বাঢ়িছে৷ প্ৰখৰ তাপত মানুহৰ ঘৰৰ বাহিৰ ওলাব নোৱৰা অৱস্থা৷ আনহাতে ক’ৰবাত আকৌ মুষলধাৰে একেবাৰে বৰষুণ দি থকাৰ ফলত বানপানীৰ সৃষ্টি কৰি মানুহৰ জীৱন দুৰ্বিষহ হৈ পৰিছে৷ বিশ্বত এইধৰণৰ বতৰৰ পৰিৱৰ্তন অব্যাহত আছে৷ প্ৰকৃতিক মানুহৰ অত্যাচাৰ, গছ-বন কাটি তহিলং কৰি গছৰ সংখ্যা হ্ৰাস, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিয়ে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰিছে৷ প্ৰতিনিয়ত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত প্ৰকৃতিয়ে এনে আচৰণ কৰিছে৷ গ্ৰীষ্মৰ আৰম্ভণিতে ভাৰতবৰ্ষত এইবাৰো তাপমাত্ৰা বৃদ্ধি পাই গৈ আছে৷ ইয়াৰ বিপৰীতে বৰষণৰ পৰিমাণ কমিছে৷ ইয়াৰ মাজতে আপু্‌নি জানি ভাল পাব, এছিয়াৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁওখন ভাৰততে আছে৷ ভাৰতবৰ্ষত অৱস্থিত মাওলিনং গাঁওখনে এছিয়াৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে৷ মেঘালয় ৰাজ্যৰ পূব খাছি পাহাৰ জিলাত অৱস্থিত এই মাওলিনং গাঁও আছে৷ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ৯০ কিলোমিটাৰ আঁতৰত এই গাঁওখন৷ ভ্ৰমণ বিষয়ক আলোচনী ডিস্ক’ভাৰী ইণ্ডিয়াই এই গাঁওখনক ভাৰতৰ লগতে সমগ্ৰ এছিয়াৰ ভিতৰতে সকলোতকৈ পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি দিয়ে৷ সাধাৰণতে এই গাঁওখনৰ বিশেষত্ব হ’ল যে গাঁওবাসীয়ে গাঁওখনৰ আৱৰ্জনা নিষ্কাশনৰ বাবে নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ প্লাষ্টিকজাতীয় সামগ্ৰী সম্পূৰ্ণৰূপে নিষেধাজ্ঞা কৰিছে৷ ইয়াৰ লগতে গোটেই অঞ্চলটোৱে ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে৷ ধূমপান সম্পূৰ্ণ নিষিদ্ধ এই গাঁওখনত৷ গাঁওখনৰ লোকসকলৰ প্ৰধান জীৱিকা হ’ল কৃষিকৰ্ম৷ চুপাৰি ইয়াৰ প্ৰধান কৃষিজাত সামগ্ৰী৷ বাসিন্দাসকলে ইয়াৰ ডাষ্টবিনবোৰ পৰা ওলোৱা আৱৰ্জনাবোৰে জৈৱ সাৰ প্ৰস্তুত কৰে৷ এই জৈৱ সাৰ কৃষিকৰ্মত সাৰ হিচাপে ব্যৱহাৰ কৰে৷ গাঁওখনৰ প্ৰধানতঃ ইয়াৰ সমাজ ব্যৱস্থা মাতৃতান্ত্ৰিক৷ পুৰুষতকৈ মহিলাসকলেই সকলো কামতে আগভাগ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here