ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ-এ চলোৱা এটা অধ্যয়নত ধৰা পৰিছে যে ভাৰতৰ বৃহৎ সংখ্যক ৰোগীৰ এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স বাঢ়িছে আৰু তাৰ ফলত কাৰ্বাপেনেম নামৰ এণ্টিবায়’টিককে ধৰি কিছুমান শক্তিশালী এণ্টিবায়’টিকে তেওঁলোকৰ ক্ষেত্ৰত কাম নিদিব পাৰে৷ নিউমোনিয়া আৰু ছেপ্টিচেমিয়াৰ চিকিৎসা কৰিবলৈ ঘাইকৈ চিকিৎসালয়ৰ আই চি ইউত কাৰ্বাপেনেম ব্যৱহাৰ কৰা হয়৷ ২০২১ চনৰ এক জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত তথ্যবোৰ বিশ্লেষণ কৰা হৈছিল৷ তাৰ পৰা দেখা গৈছে যে ঔষধ-প্ৰতিৰোধী পেথ’জেন [ৰোগ সৃষ্টিকাৰী বীজাণু] ক্ৰমাৎ বাঢ়িছে৷ ফলত প্ৰচলিত কিছুমান ঔষধেৰে কিছুমান সংক্ৰমণৰ চিকিৎসা কৰাটো জটিল হৈ পৰিছে৷ অধ্যয়নটোৰ নেতৃত্ব দিয়া আই চি এম আৰৰ বিজ্ঞানী ডাঃ কামিনী ৱালিয়াই এই কথা কয়৷
তেওঁ কয় যে যদি তৎক্ষণাৎ শুধৰণিমূলক ব্যৱস্থা লোৱা নহয় তেন্তে এণ্টিবায়’টিক ৰেজিষ্টেন্সে অদূৰ ভৱিষ্যতে এটা মহামাৰীৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্সৰ গতি-প্ৰকৃতিৰ বিষয়ে এইখন আই চি এম আৰৰ পঞ্চমখন বিতং প্ৰতিবেদন৷ আই চি এম আৰৰ মতে ই-কলাইৰ সংক্ৰমণৰ চিকিৎসা কৰিবলৈ ব্যৱহাৰ কৰা ইমিপেনেমৰ ৰেজিষ্টেন্স ২০১৬ চনত আছিল ১৪ শতাংশ, কিন্তু ২০২১ চনত ৩৬ শতাংশলৈ বৃদ্ধি পালে৷ আনহাতে নিউমোনিয়াত ব্যৱহাৰ কৰা ক্লেবছিয়েল্লাৰ ৰেজিষ্টেন্স উন্নত হৈছে৷ ২০১৬ চনত এই ঔষধৰ ৰেজিষ্টেন্স আছিল ৬৫ শতাংশ আৰু ২০২১ চনত ৪৫ শতাংশলৈ কমে৷ ডাঃ ৱালিয়াই কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত এণ্টিফাংগেল ঔষধৰ ব্যৱহাৰ বেছি হৈছিল৷ এণ্টিফাংগেল ঔষধৰ ৰেজিষ্টেন্সো বাঢ়িছে৷ অৰ্থাৎ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা হৈছে৷ তেওঁ কয় যে জধে-মধে এণ্টিবায়’টিক ব্যৱহাৰ কৰিলে পৰিণাম ভয়াৱহ হ’ব৷