ভয়ংকৰ তথ্য : এই ‘বিশেষ’ কাৰণত দ্ৰুত বাঢ়িছে মৃত্যুৰ হাৰ

0
797


বিশেষকৈ কৰ’নাৰী হাৰ্ট ডিজিজ, হাৰ্ট ফেইলৰ ৰোগীৰ ক্ষেত্ৰত এই বিপদ সঘনাই হয়৷ সমীক্ষাত প্ৰকাশ পোৱা মতে বয়স্ক লোকৰ তথা উচ্চ ৰক্তচাপত ভোগা অথবা বেছি মাত্ৰাত কলেষ্টৰেল সমস্যা থকা লোকসকলৰ ক্ষেত্ৰত মৃত্যু হাৰ বেছি৷ শীতকালত আপোনাৰ হৃদযন্ত্ৰ সুৰক্ষিত ৰখাৰ অিত প্ৰয়োজন৷ বহুতেই শীতকালত উমাল গৰম কাপোৰ বা জু¸ইৰ তাপ বা সেক লৈ থাকে শীত নিবাৰণৰ বাবে৷ এইধৰণৰ শীতৰ আমোজত থাকিলেও কিন্তু বিপদে লগ নেৰিব পাৰে৷ কিয়নো শীতৰ এই সময়ছোৱাত হাৰ্ট এটেক তথা কাৰ্ডিঅ’ভাস্কুলাৰৰ সমস্যা বাঢ়ি যায়৷ এপল’ হস্পিটেলৰ ছিনিয়ৰ কনছালটেণ্ট কাৰ্ডিঅ’লজিষ্ট ডাঃ আফতাব খানে জনাইছে যে আমি নিজৰ চকুৰে এইবোৰ দেখা পাই থাকো বা অনুমান কৰিব পৰা যায়৷ এক ডিগ্ৰী কৰি তাপমাত্ৰা কমিলে মৃত্যুৰ হাৰ ০.৪৯ শতাংশকৈ বাঢ়ি যায়৷ বিশেষকৈ ৰক্ত চলাচলৰ কাৰণে এইধৰণৰ অস্বাভাৱিক মৃত্যু হয়৷ একাধিক সমীক্ষাত দেখা গৈছে যে গৰমকালিৰ তুলনাত শীতকালত হাৰ্ট এটেকৰ সমস্যা বৃদ্ধি পায়৷ সেয়ে শীতকালৰ মাজভাগত এইদৰে আক্ৰান্তৰ মৃত্যুৰ হাৰ বেছি৷ আনহাতে ডাঃ আফতাব খানে কোৱা মতে ঠাণ্ডাত আমাৰ শৰীৰৰ যি প্ৰতিক্ৰিয়াবোৰ হয়৷ ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত যথেষ্ট চাপ পৰে৷ সেয়ে আমাৰ ৰক্তনলীবোৰে উত্তাপ ধৰি ৰখাৰ বাবে সংকুচিত হয়৷ ফলত শৰীৰৰ ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰৰ পক্ষে তেজ পাম্প কৰাটো বেছি কঠিন হৈ পৰে৷ শৰীৰত তাপমাত্ৰা কমি গ’লে তেজৰ ঘনত্বও বাঢ়ি যাব পাৰে৷ তেজৰ চলাচল কঠিন হোৱাৰ বাবে তেজ জমা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ এইধৰণৰ অস্বাভাৱিকতা যিকোনো ব্যক্তিৰ ক্ষেত্ৰতে হ’ব পাৰে যদিও কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত বেছি দেখা যায়৷ যিসকল ব্যক্তি হাৰ্টৰ অসুখত ভুগি আছে, বিশেষকৈ কৰ’নাৰী হাৰ্ট ডিজিজ, হাৰ্ট ফেইলৰ ৰোগীৰ ক্ষেত্ৰত এই বিপদ আহিব পাৰে৷ বয়স্ক ব্যক্তি বা উচ্চ ৰক্তচাপ, কলেষ্টৰেলৰ মাত্ৰা অত্যধিক থকা লোকৰ ক্ষেত্ৰতো এই সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শীতৰ দিনকেইটাত এইবোৰ বিপদ প্ৰতিৰোধ তথা উক্ত সমস্যাৰ পৰা দূৰত থাকিবলৈ আপোনাৰ হাৰ্ট সুস্থ ৰখাটো অতি প্ৰয়োজন৷ তাৰ বাবে দ্ৰুত ৰোগ নিৰ্ণয়, প্ৰতিৰোধ তথা যথাসময়ত চিকিৎসা হোৱাটো জৰুৰী৷ স্বতঃপ্ৰণোদিত পদক্ষেপে আপোনাৰ হাৰ্টটো সুৰক্ষা দি কোনোধৰণৰ বিপদ নোহোৱাকৈ শীতৰ মাদকতা উপভোগ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here