উপকাৰিতাতো সকলোৱে জানেকমলাৰ ক্ষতিকাৰক দিশো আছে

0
572


শীতকাল মানেই কমলা টেঙা খোৱাৰ আমোজ৷ শীতকালত পোৱা এইবিধ ফলত চাহিদা তথা জনপ্ৰিয় ফলসমূহৰ ভিতৰত অন্যতম৷ অতি সুস্বাদু ৰসাল কমলা টেঙাৰ গুণাগুণ অসাধাৰণ৷ কমলা টেঙাত ভিটামিন-চি, ডায়েটৰী ফাইবাৰ, পটেচিয়াম, ফাইট’ নিউট্ৰিয়েণ্টছে শৰীৰৰ বেয়া কলেষ্টৰেল কমাই ৰাখে৷ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ লগতে হৃদযন্ত্ৰৰ স্বাভাৱিক স্পন্দন বজাই ৰখাত কমলা টেঙাৰ খাদ্যগুণ আছে৷ আনহাতে ইউৰিনেৰি ট্ৰাক্ট ইনফেকশ্যন বা মূত্ৰনলীৰ সংক্ৰমণ প্ৰতিকাৰ কৰাত কমলা টেঙা উল্লেখযোগ্য অৰিহণা যোগায়৷ পেটৰ বিভিন্ন সমস্যা ডায়েৰিয়া, কোষ্ঠকাঠিন্য আদি একাধিক সমাধান কৰাত কমলা টেঙা কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ কিডনীৰ পাথৰ হোৱাৰ আশংকা কমাবলৈ কমলা টেঙা খাব পাৰে৷ কমলা টেঙাই ৰক্ত পৰিশোধনত উল্লেখযোগ্য ভূমিকা পালন কৰে৷ ছালৰ উজ্জ্বলতা, সজীৱতা নিখুঁত দাগহীন ছাল পাবলৈ কমলা টেঙাৰ খোৱাৰ অভ্যাস কৰিব পাৰে৷ ইয়াৰ উপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত কমলা টেঙাই অৰিহণা যোগায়৷ সেয়ে ইমান এবিধ উপকাৰী ফল ডায়েটত ৰখাটো অতি জৰুৰী৷ কিন্তু যিকোনো খাদ্যবস্তুৱে অতিৰিক্তকৈ খোৱা উচিত নহয়৷ ইয়াৰ অন্যথা কমলা টেঙা খালেই আপোনাৰ সকলো সমস্যাই সমাধান হৈ যাব সেয়া ভবাটো ভুল৷ এটা নিৰ্দিষ্ট পৰিমাণে নাখায়, সৰহকৈ কমলা টেঙা খালে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই বেছি৷ বহু গুণৰ অধিকাৰী কমলা টেঙা বিশেষ কিছুমান স্বাস্থ্য অসুবিধাৰ বাবে উপকাৰী নহয়৷ গেছৰ সমস্যা থাকিলে বেছিকৈ কমলা টেঙা খোৱাটো উচিত নহয়৷ অত্যধিক পৰিমাণে কমলা টেঙা খালে গেছৰ সমস্যা বৃদ্ধি হ’ব পাৰে৷ কিছু ক্ষেত্ৰত কমলা টেঙা খোৱাৰ ফলত বদহজম হয়৷ ফলত বুকু-পেট জ্বলা-পোৰা কৰা সমস্যা হ’ব পাৰে৷ সেয়ে এটা নিৰ্দিষ্ট মাত্ৰাত পুষ্টিবিদৰ পৰামৰ্শ মানি কমলা টেঙা খোৱা ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here