বৰফৰ দ্ৰুত গলনৰ ফলতসমুদ্ৰস্তৰৰ উচ্চতা বৃদ্ধি

0
251

ক্ৰমশঃ উষ্ণ হৈছে এণ্টাৰ্কটিকা৷ নেচাৰ পত্ৰিকাত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ হৈছে যে এণ্টাৰ্কটিকাত গ্লেছিয়াৰ গলিবলৈ ধৰিছে৷ এণ্টাৰ্কটিকাৰ যি গ্লেছিয়াৰ গলন হৈছে তাৰ নাম হৈছে থয়েটছ, যাক ডুমছডে গ্লেছিয়াৰো বোলা হয়৷ ইয়াৰ আকাৰ প্ৰায় ফ্লৰিডাৰ সমান৷ ইয়াৰ গলনৰ ফলত পৃথিৱীৰ সমুদ্ৰৰ পানীৰ স্তৰ প্ৰায় তিনি মিটাৰ বা ৯.৮ ফুটপৰ্যন্ত বাঢ়িব পাৰে৷ যি পৃথিৱীৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ এণ্টাৰ্কটিকা মানেই চাৰিওফালে কেৱল বৰফৰ বগা আচ্ছাদন৷ পৃথিৱীৰ দক্ষিণৰ এই মহাদেশৰ চাৰিওদিশ তুষাৰৰ ছাদ৷ আগেয়ে এণ্টাৰ্কটিকাত ইমান বৰফ নাছিল৷ সেই সময়ত এণ্টাৰ্কটিকা আছিল বসবাসৰ উপযোগী ঠাই৷ সকলো সময়তে সেউজীয়াৰে ঢকা আছিল এই অঞ্চলটো৷ আজিৰ পৰা প্ৰায় চাৰে পাঁচ কোটি বছৰৰ আগতে পৃথিৱীৰ সমস্ত মহাদেশ পেনজিয়া নামৰ এটা বিৰাট ভূখণ্ডৰ অন্তৰ্গত আছিল৷ এটা সময়ত সেইটো ভাঙি লৱেছিয়া আৰু গল্ডোয়ানলেণ্ড নামে দুটা ভূখণ্ডত পৰিণত হ’ল৷ এণ্টাৰ্কটিকা গল্ডোয়ানলেণ্ডৰ অন্তৰ্ভুক্ত৷ তেতিয়া এণ্টাৰ্কটিকা অৱস্থান কৰিছিল বিষুৱৰেখাৰ কাষত৷ ইয়াৰ আৱহাৱা অত্যন্ত উষ্ণ আছিল৷ গড় তাপমাত্ৰা আছিল ২০ ডিগ্ৰী ছেলচিয়াছ৷ সেই সময়ত এণ্টাৰ্কটিকা সমুদ্ৰত পাম গছৰ শাৰী দেখা গৈছিল৷ পাছত জলবায়ুৰ পৰিৱৰ্তনৰ ফলত তুলনামূলক শীতল হৈ হৈ অষ্ট্ৰেলিয়াৰ কাষৰ পৰা ভাঙি যাবলৈ আৰম্ভ কৰে৷ এসময়ত ইয়াৰ চাৰিওফালে সমুদ্ৰৰে বেষ্টিত হৈ পৰে এই মহাদেশ৷ তেতিয়াৰ পৰাই লাহে লাহে এই ভূখণ্ডত বৰফ জমা হ’বলৈ আৰম্ভ কৰে৷ পাছত পৰ্যায়ত পৃথিৱীৰ শীতলতম মহাদেশ হিচাপে পৰিগণিত হয় এণ্টাৰ্কটিকা৷ মাইনাছ শূন্য ডিগ্ৰী ছেলচিয়াছ হ’লেও অথবা শীতলতম আৰু শুষ্ক আৱহাৱা হ’লেও এতিয়াও ইয়াত দেখা যায় একাধিক প্ৰাণী৷ বিজ্ঞানীসকলে অনুমান কৰা মতে এণ্টাৰ্কটিকাত প্ৰথমে বৰফ জমা হ’বলৈ আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় চাৰে তিনি কোটি বছৰ আগতে৷ তাপমাত্ৰা কমি যায় প্ৰায় ১৫ ডিগ্ৰী৷ সেয়েহে বৰ্তমান বিশ্ব উষ্ণায়নৰ কাৰণে বৰফ মহাদেশখনত বৰফ যিদৰে গলিবলৈ ধৰিছে, তাক লৈ বিজ্ঞানী মহল উদ্বিগ্ন হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here