এতিয়াও বিশ্বত কৰ’নাৰ তাণ্ডৱ অব্যাহত আছে৷ কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বৰে পৰিকাঠামো ভাঙি তচ্নচ্ কৰি দিছে৷ বিশ্বজুৰি কৰ’না মহামাৰীত ৭.৩৯ কোটি লোকৰ আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে ১৬.৪৪ লাখৰ মৃত্যু ঘটিছে৷ ৩০টা আন্তঃৰাষ্ট্ৰীয় সংগঠনে চলোৱা এক ভয়ংকৰ সমীক্ষাৰ তথ্যই সকলোকে আতংকিত কৰি তুলিছে৷ কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে বিশ্বত অৰ্থনৈতিক অৱস্থা একেবাৰে বিপৰ্যস্ত হৈ পৰিছে৷ ফলস্বৰূপে বিশ্বৰ প্ৰায় ১.৬৮ লাখ শিশুৱে মহামাৰীসৃষ্ট দুৰ্ভিক্ষৰ বলি হ’ব পাৰে৷ মহামাৰীৰ বাবে চলিত বৰ্ষত ১১.৯০ কোটি শিশু পুষ্টিহীনতাত ভুগিছে বুলি ষ্টেণ্ডিং ফৰ নিউট্ৰিশ্যন নামৰ সংস্থাটোৱে উক্ত ৩০টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সমীক্ষাৰ ফলাফল প্ৰকাশ কৰে৷ প্ৰতিবেদনখনত লগতে দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ শিশুসকলে এনে দুৰ্ভিক্ষৰ প্ৰথমে চিকাৰ হোৱাৰ কথাও উল্লেখ কৰা হৈছে৷