বিশ্বৰ আটাইতকৈ সুখী আৰুবেছি দুৰ্দশাগ্ৰস্ত দেশ দুখন

0
376

প্ৰখ্যাত অৰ্থনাতিবিদ ষ্টিভ হেংকিয়ে কৰা বাৰ্ষিক দুৰ্দশা সূচাংক বা এনুৱেল মিজাৰী ইনডেক্সত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দুৰ্দশাগ্ৰস্ত দেশ হিচাপে জিম্বাবুৱে শীৰ্ষস্থান দখল কৰিছে৷ ঘাইকৈ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি দেশসমূহৰ দুৰ্দশাগ্ৰস্ত অৱস্থা নিৰ্ণয় কৰা হয়৷ সমীক্ষা কৰি পোৱা গৈছে যে আফ্ৰিকাৰ দেশ জিম্বাবুৱেৰ অৱস্থা ইউক্ৰেইন, ছিৰিয়া, ছুডান আদিৰ দৰে যুদ্ধ বিধবস্ত দেশবোৰতকৈও শোচনীয়৷ দেশখনত যোৱা বছৰ মুদ্ৰাস্ফীতি ২৪৩.৮ শতাংশলৈ বৃদ্ধি পাইছিল৷ এনুৱেল মিজাৰী ইনডেক্সত তালিকাৰ এই সমীক্ষাটো সৰ্বমুঠ ১৫৭খন দেশৰ ওপৰত বিশ্লেষণ
 কৰা হৈছিল৷ আমাৰ দেশ ভাৰতবৰ্ষ দুৰ্দশাগ্ৰস্ত তালিকাখনৰ ১০৩ নম্বৰ স্থানত আছে৷ তালিকাত স্থান পোৱা অতি দুৰ্দশাগ্ৰস্ত দেশসমূহৰ ভিতৰত শীৰ্ষ ১৫খন দেশৰ ক্ৰমাগতভাৱে নামসমূহ হ’ল– জিম্বাবুৱে, ভেনিজুৱেলা, ছিৰিয়া, লেবানন, ছুডান, আৰ্জেণ্টিনা, য়েমেন, ইউক্ৰেইন, কিউবা, তুৰস্ক, শ্ৰীলংকা, হাইটি, এংগোলা, টংগা আৰু ঘানা৷ আনহাতে এনুৱেল মিজাৰী ইনডেক্সৰ তালিকাত বিশ্বৰ আটাইতকৈ সুখী দেশৰ শীৰ্ষত আছে ছুইজাৰলেণ্ড৷ দ্বিতীয় স্থানত আছে কুৱেইট৷ তাৰ পাছত স্থান লাভ কৰা দেশসমূহ একাদিক্ৰমে আয়াৰলেণ্ড, জাপান, মালয়েছিয়া, টাইৱান, নাইজাৰ, থাইলেণ্ড, টগো আৰু মণ্টে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here