বহুদিনলৈ গৰ্ভনিৰোধক টেবলেটৰ ব্যৱহাৰ স্বাস্থ্যসন্মতনে ?

0
134

এটা সন্তান ভূমিষ্ঠ হোৱাৰ পাছত দ্বিতীয় সন্তানৰ পৰিকল্পনাৰ বাবে মাজত ব্যৱধান থকাটো অত্যন্ত জৰুৰী৷ সেয়েহে বহুতো মহিলাই এই সময়ছোৱাত বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক টেবলেট খোৱা দেখা যায়৷ কিন্তু এনেধৰণৰ টেবলেটসমূহ দীৰ্ঘসময়ৰ বাবে ব্যৱহাৰ কৰা উচিতনে? অত্যধিক এই টেবলেট সেৱন কৰিলে কি বিপদ হ’ব পাৰে, আপুনি জানেনে?
গৰ্ভনিৰোধক টেবলেট খোৱাৰ ফলত বুকু জ্বলা-পোৰা কৰা, বমি আদি সমস্যাই দেখা দিয়ে৷ ই একেবাৰে স্বাভাৱিক৷ কিন্তু টেবলেট ব্যৱহাৰ কৰাৰ তিনি মাহৰ পাছতো যদি এই সমস্যাই দেখা দিয়ে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
দীৰ্ঘদিন গৰ্ভনিৰোধক টেবলেট ব্যৱহাৰ কৰাৰ ফলত মাহেকীয়া বন্ধ হৈ যোৱাৰ দৰে সমস্যাও নোহোৱা নহয়৷
গৰ্ভনিৰোধক টেবলেট অত্যধিক খোৱাৰ ফলত কেতিয়াবা কিছুসংখ্যক মহিলাৰ যৌনশক্তিৰ লগতে যৌনস্পৃহা কমি যায়৷
ক্লিনিকেল ষ্টাডিৰ পৰা গম পোৱা গৈছে যে যদি ৬-১২ মাহলৈ প্ৰজেষ্টিনযুক্ত গৰ্ভনিৰোধক টেবলেট সেৱন কৰা হয়, তেন্তে ওজন বৃদ্ধিৰ আশংকা থাকে৷
কিছু অধ্যয়নৰ পৰা গম পোৱা গৈছে যে এই ঔষধৰ প্ৰভাৱ আমাৰ মন-মগজুতো পৰে৷ যাৰ ফলত মানসিক অৱসাদ, দুশ্চিন্তা আদিয়ে দেখা দিয়ে৷ ইয়াৰ উপৰি মূৰৰ বিষ, মাইগ্ৰেন আদি হোৱাও দেখা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here