বৰ্তমান গোটেই ৰাজ্যতে নকল সামগ্ৰীৰ পয়োভৰ বৃদ্ধি পাবলৈ ধৰিছে৷ বিশেষকৈ খাদ্য সামগ্ৰীসমূহ প্লাষ্টিকৰ দাইল, প্লাষ্টিকৰ কণী আদি ওলোৱাটো এতিয়া বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ এনেকুৱা অনুৰূপ ঘটনা এটা সংঘটিত হৈছে নগাঁও কচুৱা সমবায় সমিতিৰ অধীনৰ খেৰণিত৷ নগাঁও কচুৱা সমবায় সমিতিৰ অধীনৰ খেৰণিত ৰাইজৰ মাজত হাহাকাৰ৷ কিয়নো খেৰণিত সমবায় সমিতিয়ে সুলভ মূল্যত যোগান ধৰা চাউলত ওলাল প্লাষ্টিকৰ চাউল৷ সুলভ মূল্যৰ যোগান ধৰা বিপণীসমূহে হিতাধিকাৰীক প্লাষ্টিকৰ চাউল যোগান ধৰি অহা খবৰ প্ৰকাশ হৈছে৷ উল্লেখ্য যে নগাঁও কচুৱা সমবায় সমিতিসমূহে চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ চাউলৰ লগত প্লাষ্টিকৰ চাউল ধৰা পেলায় হিতাধিকাৰীয়ে৷ জানিব পৰা মতে এনেদৰে পোৱা চাউলৰ পৰা ভাত বনোৱাৰ সময়ত চাউলখিনি পুৰি ক’লা বৰণ ধৰে আৰু প্লাষ্টিকৰ দৰে গোন্ধ ওলায়৷ ভুক্তভোগী ৰাইজে ইয়াৰ এক উচিত তদন্তৰ দাবী জনাইছে৷