পুৰস্কৃত গৃহৰক্ষীৰ জোৱান : ১৩ কোটি টকাৰ হেৰ’ইন জব্দ

0
1330
কাৰ্বি আংলঙৰ ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত কৰ্তব্যত নিয়োজিত হৈ থকা বৰছিং বে’ নামৰ গৃহৰক্ষী জোৱানজনৰ তৎপৰতাত যোৱা ২২ জুনৰ নিশা প্ৰায় ৩ কিল’গ্ৰাম ওজনৰ হেৰ’ইন জব্দ হয়৷ জানিব পৰা মতে, নিশা প্ৰায় ৯-৩০ বজাত মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছত ডিলাই আৰক্ষীয়ে তালাচী চলায়৷ ইয়াৰ পাছতেই ইঞ্জিনৰ ভিতৰত তালাচী চলাওঁতেই গোপনে বনাই লোৱা এটা চেম্বাৰৰ পৰা মেথাফিটামাইন নামৰ অতি উচ্ছ দৰৰ হেৰ’ইনখিনি জব্দ কৰে গৃহৰক্ষী জোৱানজনে৷ উক্ত সময়তে নৈশ বাছৰ চালকে গৃহৰক্ষী জোৱানজনৰ পকেটত এটা মোটা অংকৰ ধনৰ বাণ্ডিল গুঁজি দিয়ে যদিও গৃহৰক্ষী জোৱানজনে সেই টকা ল’বলৈ অমান্তি হয়৷ গৃহৰক্ষী জোৱানজনে অতি সাহসেৰে নিজৰ কৰ্তব্যত অটল থাকি তালাচীত থকা আন আন আৰক্ষী জোৱানসকলক মাতি আনি হেৰ’ইন সৰবৰাহকাৰী দলটোক জালত পেলাবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটা হৈছে ক্ৰমে মণিপুৰৰ থাম্বল জিলাৰ খাইৰম বসন্ত সিং, লক্ষ্মী ডি আৰু পঞ্জাভিৰাম বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ সূত্ৰৰ মতে, জব্দ কৰা এই হেৰ’ইনখিনি ভাৰতৰ ভিতৰতে আটাইতকৈ উচ্ছ মানৰ৷ হেৰ’ইনখিনিৰ বজাৰ দৰ ১৩ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ এই ঘটনাৰ পাছতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অতি তাৎক্ষণিকভাৱে গৃহৰক্ষী জোৱানজনলৈ পুৰস্কাৰ হিচাপে নগদ ১ লাখ টকা ঘোষণা কৰাৰ লগতে তেওঁৰ কৰ্তব্যনিষ্ঠাক প্ৰশংসা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here