নাছাৰ ফটো প্ৰকাশদুটা নতুন গ্ৰহৰ জন্ম

0
319


মহাকাশত অন্বেষণ কৰি থকা বিজ্ঞানীসকলে এক আ(ৰ্যকৰ ঘটনাক কেমেৰাত বন্দী কৰে৷ জ্যোতিৰ্বিদসকলে দুটা নতুন গ্ৰহ জন্ম হোৱা দেখা পায়৷ পৃথিৱীৰ পৰা প্ৰায় ২০০ আলোকবৰ্ষ দূৰৈত এই দৃশ্য দেখা পায়৷ বৰ্তমান এক ছায়াৰ ৰূপত দেখা পোৱা গ্ৰহ দুটা গেছীয় অৱস্থাত আছে৷ ই গেছৰ এখন ডিস্কৰ দৰে মেল খাই আছে৷ ইয়াত বৃহৎ পৰিমাণৰ ধূলি থকা বুলি অনুমান কৰা হৈছে৷ সকলো পৰিস্থিতি বিশ্লেষণ কৰি বিজ্ঞানীসকলে ইয়াক নতুন গ্ৰহ সৃষ্টিৰ প্ৰক্ৰিয়াৰ অংশ বুলি কয়৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছৰ হাবল দূৰবীণে এই ঘটনাক ৰেকৰ্ড কৰে৷ নাছাই কয় যে তেওঁলোকে টি ডব্লিউ হাইড্ৰাক গেছীয় অৱস্থাত থকা দেখা পায়৷ ই এটা সৰু নক্ষত্ৰ, যাক ৰঙা বামন তাৰকা বুলি কোৱা হৈছে৷ এই নক্ষত্ৰটোৰ বয়স প্ৰায় এক কোটি বছৰ আৰু ইয়াৰ ঘনত্ব সূৰ্যৰ আধা বুলি নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰে৷ ইয়াতেই নতুন গ্ৰহ দুটাৰজন্ম হয়৷ নাছাৰ মতে, তাত দুটা ছাঁ দেখা পোৱা গৈছে৷ ইয়াৰে এটা ২০১৭ চনত আৰু আনটো ইয়াৰ চাৰি বছৰৰ পাছত দেখা পোৱা হয়৷ দ্য এষ্ট্ৰ’ফিজিলে জাৰ্নেলত এই বিষয়ে প্ৰকাশ পাইছে৷ ইয়াৰ পৰা এই বুলি অনুমান কৰা হৈছে যে আজিৰ পৰা ৪৬০০ কোটি বছৰৰ আগতে পৃথিৱী আৰু আমাৰ সৌৰজগতৰ আন গ্ৰহবোৰ সৃষ্টি হোৱাৰ সময়ত এনেদৰেই দেখা পোৱা গৈছিল৷ জ্যোতিৰ্বিদসকলে প্ৰথম অৱস্থাত বিষম অৱস্থাত থকা দুখন ডিস্কৰ কাৰণে এই ছাঁ দেখা পোৱা বুলি ভাবিছিল৷ প্ৰথম অৱস্থাত ই একেবাৰে ওচৰা-উচৰিকৈ আছিল৷ পাছত বিজ্ঞানীসকলে এইবুলি কয় যে যি দুখন ডিস্ক সৃষ্টি হোৱা দেখা পোৱা গৈছিল সেয়া প্ৰকৃততে নতুকৈ জন্ম হোৱা গ্ৰহ দুটা মধ্যাকৰ্ষণ শক্তিৰ বাবেই তেনেদৰে দেখা পোৱা গৈছিল আৰু সিহঁতৰ কক্ষপথ প্ৰায় ওচৰা-উচৰি৷ নতুন গ্ৰহ দুটাৰ গতিও লেহেম বুলি লগতে কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here