নতুন তথ্য : অ’জন তৰপত ছিদ্ৰ বৃদ্ধি পোৱাৰ আশংকা

0
355


পৃথিৱীৰ পৰা কেইবা কিল’মিটাৰ ওপৰত থকা অ’জন তৰপক লৈ শেহতীয়াকৈ প্ৰকাশ পোৱা এখন প্ৰতিবেদনে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰহে ইংগিত দিছে৷ এতিয়ালৈকে অ’জন তৰপ সম্পৰ্কত প্ৰকাশ পোৱা প্ৰতিবেদনবোৰত এই বুলি কোৱা হৈছে যে অ’জন তৰপ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ প্ৰক্ৰিয়া চলি আছে৷ ই পৰিৱেশৰ ক্ষেত্ৰত এক ডাঙৰ সফলতা বুলিও গণ্য কৰা হৈছে৷ কিন্তু নেচাৰ কমিউনিকেশ্যনত প্ৰকাশ পোৱা প্ৰতিবেদনে ইয়াৰ বিপৰীত তথ্যহে দিছে৷ নেচাৰ কমিউনিকেশ্যনত প্ৰকাশ পোৱা এই প্ৰতিবেদনত এই বুলি দাবী কৰা হৈছে যে সম্ভৱতঃ অ’জন তৰপ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ প্ৰক্ৰিয়া চলি থকা নাই৷ ইয়াৰ বিপৰীতে অ’জন ছিদ্ৰ বৃদ্ধি পোৱাৰ আশংকাহে কৰা হৈছে৷ উল্লেখযোগ্য যে অলপতে ৰাষ্ট্ৰসংঘৰ সমৰ্থন থকা এখন প্ৰতিবেদনত এই বুলি কোৱা হৈছিল যে ২০৪০ চনলৈ অ’জন তৰপ ১৯৮০ চনৰ পৰ্যায়লৈ উভতি আহিব৷ অ’জন তৰপৰ ক্ষতি কৰা শতাধিক ৰাসায়নিকৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ ১৯৮৭ চনত বিশ্বৰ কেইবাখনো দেশে সন্মতি জনাইছিল৷ এই ৰাসায়নিক দ্ৰব্যসমূহৰ ব্যাপক ব্যৱহাৰৰ কাৰণে দক্ষিণ মেৰুৰ ওপৰৰ তৰপটোত ছিদ্ৰৰ সৃষ্টি হৈছিল৷ অ’জন তৰফৰ আটাইতকৈ বেছি ক্ষতি কৰিছে ক্লৰ’ফ্লৰ’কাৰ্বন বা চি এফ পিয়ে৷ উল্লেখযোগ্য যে দক্ষিণ মেৰুৰ ওপৰত এই ছিদ্ৰা গ্ৰীষ্ম কালত সংকুচিত হোৱাৰ আগতে বসন্ত কালত বৃদ্ধি পায়৷ কিন্তু ২০২০ৰ পৰা ২০২২লৈ ইয়াৰ আকাৰে অভিলেখৰ সৃষ্টি কৰে আৰু নিউজিলেণ্ডৰ বিজ্ঞানীসকলে এই সম্পৰ্কত অধ্যয়ন কৰিবলৈ বাধ্য হয়৷ নিউজিলেণ্ডৰ বিজ্ঞানীসকলে নেতৃত্ব দিয়া এই অধ্যয়নটোৰ পৰা জানিব পৰা মতে বসন্ত কালত দক্ষিণ মেৰু অঞ্চলত যোৱা ২০ বছৰত ২৬% হ্ৰাসহে পাইছে৷ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে তেওঁলোকে লাভ কৰা তথ্যৰ পৰা এই কথাও জানিব পৰা গৈছে যে অ’জন তৰপ স্বাভাৱিক অৱস্থালৈ উভতি অহাৰ কোনো লক্ষণ তেওঁলোকে দেখা পোৱা নাই৷ তেওঁলোকৰ মতে, অ’জন তৰপত সৃষ্টি হোৱা ছিদ্ৰ পূৰ্বৰ স্থিতিত থকাই নহয়, ই অধিক গভীৰহে হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here