ডাঃ দুলুমণি কলিতা
ফোনঃ ৮৬৩৮৭৪৯৪৯৪
পানীয়েই প্ৰাণীৰ প্ৰাণ, ফলমূলে কৰে শক্তি দান, পানী নহলে জীয়াই থকাই টান। মানুহৰ শৰীৰৰ ৬০-৭০% পানীৰেই গঠিত। শৰীৰৰ সকলো অংগ-প্ৰত্যংগ ,ইয়াৰ কাৰ্যকলাপ আৰু প্ৰতিটো কোষাংগাণু জীয়াই থাকিবলৈ পানীৰ নিতান্তই প্ৰয়োজন। কিন্তু পানী শৰীৰৰ বাবে যিমান উপকৰী হয়, সিমানেই বিষাক্ত হৈ পৰিব পৰে। পানী অমৃত তুল্য হ’ব নে পানীয়ে বিষৰ স্বৰূপ ধাৰণ কৰিব – সেইটো নিৰ্ভৰ কৰিব তাক সেৱন কৰা নিয়মসমূহৰ ওপৰত। এই নিয়মাৱলীৰ বিষয়ে তলত কিছু আলোচনা কৰা হ’ল-
১) ৰাতিপুৱা শুই উঠিয়েই কমেও ২ গিলাচ পানী খাব লাগে। আমাৰ মুখৰ ভিতৰখন সাধাৰণতে খাৰকীয় হয়। লেলাৱতিৰ pH সাধাৰণতে ৭ তকৈ কম হয়। আকৌ ৰাতিপুৱা সময়ত ইয়াৰ গাঢ়তা বেছি থাকে। যেতিয়া আমি ৰাতিপুৱাৰ ভাগত পানী খাওঁ, সেই পানী লেলাৱতিৰ লগত মিহলি হৈ পাকস্থলী আৰু আমাশয়লৈ গৈ তাৰ অম্লতা কমাই দিয়ে, ফলস্বৰুপে gastritis, indigestion, blotting আদিৰ দৰে সমস্যাৰ পৰা বাচি থাকিব পৰা যায়। ইয়াৰ উপৰি খালী পেটত পানী খোৱাৰ ফলত ৰাতি দেহত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থসমূহ শৌচ পেচাবৰ জৰিয়তে বাহিৰ উলিয়াই দিয়াত সহায় কৰি পাচনতন্ত্ৰ চাফা কৰি নতুন খাদ্যবস্তু হজমৰ বাবে সাজু কৰি তোলে।
২) খোৱাৰ আধাঘণ্টা আগত আৰু ৪৫ মিনিটৰ পৰা ১ ঘন্টা পিচতহে পানী গ্ৰহণ কৰিব লাগে।
আমাৰ প্ৰায়ভাগ মানুহৰে খোৱাৰ মাজত বা খোৱাৰ লগে লগে পানী খোৱাৰ অভ্যাস আছে, যাৰ বাবে পাচনতন্ত্ৰজনিত বহু বেমাৰত ভোগা দেখা যায়। খাদ্যবস্তু গ্ৰহণৰ লগে লগে সেই খাদ্যৰ হজমৰ বাবে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়, লগতে পাচক উৎসেচকসমূহ নিঃসৰিত হয়। তেনে সময়ত পানী খালে পানীয়ে শৰীৰৰ উষ্ণতা কমাই দিয়াৰ লগতে উৎসেচকবোৰৰ কামত বাধা জন্মায় আৰু তাৰ ফলত অজীৰ্ণ, অম্লপিত্ত, কোষ্ঠকাঠিন্যতা আদিৰ দৰে নানাবিধ সমস্যাই দেখা দিব পাৰে। সেইবাবে ভোজনৰ সময়ত পানী গ্ৰহণ কৰিব নালাগে, আৰু কৰিলেও অতি নগণ্য পৰিমাণৰ পানীহে খাব লাগে।
৩) পানী অতি খৰধৰকৈ, দৌৰি থকা অৱস্থাত বা থিয় হৈ থাকি গ্ৰহণ কৰিব নালাগে। পানী সদায় বহি লাহে-ধীৰে গ্ৰহণ কৰিব লাগে। অতি খৰখেদাকৈ বা থিয় হৈ পানী খালে বৃক্কই ভালদৰে কাম কৰিব নোৱাৰে, নাৰ্ভবোৰে ভালদৰে stimulus দিব নোৱাৰে ফলত পানী খিনি হজম হোৱাত অসুবিধা হয়, এই পানীৰ কিছু পৰিমাণে সন্ধিবোৰত জমা হৈ পিছত গাঁঠিৰ বিষজনিত বিভিন্ন বেমাৰ দেখা দিয়ে, লগতে অজীৰ্ণ, মেদবহুলতা আদিৰ বাবেও ই এক অন্যতম কাৰকৰূপে দেখা দিয়ে। কিন্তু পানী চোবাই খাব লাগে বুলি কোৱা কথাটো সম্পূৰ্ণ অবৈজ্ঞানিক।
৪) পানী সদায় কুহুমীয়া গৰম কৰিহে ব্যৱহাৰ কৰিব লাগে। ঠাণ্ডা পানী, বিশেষকৈ ফ্ৰিজৰ পানী ব্যৱহাৰ কৰিলে উপকাৰৰ বিপৰীতে অপকাৰহে বেছি দেখিবলৈ পোৱা যায়। গৰম পানীয়ে হজমত সহায় কৰে, কিন্তু তাৰ ঠাইত যদি ঠাণ্ডা পানী ব্যৱহাৰ কৰা হয় , সেই পানীখিনিয়ে খাদ্যবস্তুখিনিক ডাঠ কৰি তোলে আৰু তাৰ হজম হোৱাত পলম হয়। ঠাণ্ডা পানীখিনি যেতিয়া পেটৰ ভিতৰলৈ যায়, সেই পানীভাগ গৰম নহোৱা পৰ্যন্ত হজম নহয় আৰু সেইখিনি শৰীৰৰ লাগতিয়াল কামত ব্যৱহাৰ কৰিব নোৱাৰে। ফলত পাচনতন্ত্ৰৰ হজম সম্বন্ধীয় কেতবোৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। হজম ঠিক নাথাকিলে ওজন বঢ়োৱা বা কমোৱা কোনোটো কামেই সফলভাৱে নহয় আৰু সকলোধৰণৰ Metabolic সমস্যাবোৰে দেখা দিয়ে।
৫) ২.৫ ৰপৰা ৩.৫ লিটাৰৰ ভিতৰত পানী খাব লাগে। পানী আমাৰ জীৱনৰ আধাৰ স্বৰূপ। কিন্তু আমি যেতিয়া পানী লগাতকৈ অত্যধিক পাৰিমাণে খাব লওঁ , ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। অত্যধিক পৰিমাণৰ পানী খোৱাৰ ফলত বৃক্কৰ ওপৰত অতিৰিক্ত চাপ পাৰে, পিছলৈ ই বৃক্কৰ বা মুত্ৰতন্ত্ৰজনিত বেমাৰ কৰিব পাৰে। দুবাৰ পানী খোৱাৰ মাজত কমেও ১ ঘণ্টাৰ ব্যৱধান ৰাখিব লাগে। সেই সময়খিনি বৃক্কৰ কাম কৰিবৰ বাবে দৰকাৰী হয়।
৬) পানী অধিকাংশ দিনৰ ভাগত গ্ৰহণ কৰিব লাগে, ৰাতি যিমান কমকৈ পাৰে গ্ৰহণ কৰিব লাগে। ৰাতি আমাৰ শৰীৰ অসক্ৰিয় অৱস্থাত থাকে, তাৰ ফলত বেছিকৈ পানী গ্ৰহণ কৰিলে সেইখিনি হজম হোৱাত অসুবিধা জন্মে, টোপনিত ব্যাঘাতৰ সৃষ্টি হয়। তাৰ বাবে মূৰৰ বিষ , মানসিক চাপ আদিৰো সৃষ্টি হ’ব পাৰে।
৭) পানী আমি সদায় যি পাত্ৰত কোনো পাৰ্শ্বক্ৰিয়া দেখা নাযায়, তেনে পাত্ৰত খাব লাগে, উদহৰণ স্বৰূপে- মাটিৰ পাত্ৰ, কাচৰ পাত্ৰ, ষ্টীলৰ পাত্ৰ। কিন্তু আটাইতকৈ উপকাৰী হৈছে তামৰ পাত্ৰ। তামৰ পাত্ৰই পানীৰ উপকাৰিতা দুগুণ বঢ়াই দিয়ে। ইয়াৰ পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, বাৰ্ধিক্যজনিত সমস্যা দূৰ হয় আৰু ই শৰীৰ সজীৱ কৰি ৰাখে।
শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস কৰিব লাগে। ইয়াৰ বিভিন্ন উপকাৰিতা আছে। গৰম পানী খোৱাৰ উপকাৰিতাসমূহ এনেধৰণৰ-
১) পানী যেতিয়া ১০০°C লৈ উতলোৱা হয়, তাত থকা বেমাৰ সৃষ্টিকাৰী বেক্টেৰিয়া আদি অনুজীৱ সমূহৰ প্ৰায় 90% ধবংস হৈ যায়। ইয়াৰ ফলত আমি পানীৰ পৰা হ’ব পৰা ৰোগৰ পৰা আঁতৰি থাকিব পাৰোঁ।
২) গৰম পানীয়ে শৰীৰৰ পৰা অলাগতিয়াল বিষাক্ত পদাৰ্থসমূহ নিঃসৰণত সহায় কৰে। কাপোৰ, বাচন-বৰ্তনত দাগ লাগিলে আমি সেইবোৰক গৰম পানীত কিছুসময় ডুবাই ৰাখো, তাৰ দাগ আঁতৰাবলৈ। ঠিক একেদৰেই আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰ বাবে কিছুমান অলগতিয়াল খাদ্য আমাৰ শৰীৰত ৰৈ যায় আৰু পিচলৈ বিষত পৰিণত হৈ বেমাৰৰ সৃষ্টি কৰে। যেতিয়া আমি গৰম পানী সেৱন কৰো তাত থকা উষ্ণতাৰ বাবে এই পদাৰ্থবোৰ ঢিলা হৈ পৰে আৰু শৌচ, পেচাব, ঘাম আদিৰে শৰীৰৰ পৰা নিঃসৰিত হৈ শৰীৰটোক সুস্থ কৰি ৰখাত সহায়ক হয়।
৩) অৰ্শ আদিকে ধৰি মলাশয়জনিত কেতবোৰ ৰোগৰ আৰম্ভণিতে দেখা দিয়া এটা প্ৰধান সমস্যা হৈছে কোষ্ঠকাঠিন্যতা। নিতৌ গৰম পানী খোৱাৰ অভ্যাস কৰিলে ইয়াৰ পৰা বহু ক্ষেত্ৰত সকাহ পোৱা যায়।
৪) সঘনে হৈ থকা চৰ্দি, জ্বৰ, এলাৰ্জী আদিৰ দৰে সমস্যাৰ ভুক্তভোগী ৰোগীৰ বাবে গৰম পানী আটাইতকৈ উত্তম পথ্য। পানী উতলোৱা সময়ত ১ চামুচ ত্ৰিকতু চূৰ্ণ মিহলি কৰি খালে বেছি শীঘ্ৰে সফলতা পোৱা যায়।
৫) অম্লপিত্ত (gastritis), অজীৰ্ণ (indigestion), অভোক (anorexia) আদিৰ দৰে পাচনতন্ত্ৰৰ ৰোগৰ বাবে গৰম পানী মহৌষধি তুল্য। দৈনিক গৰম পানীৰ ব্যৱহাৰে শৰীৰত হজমৰ বাবে দৰকাৰী উৎসেচকসমূহ নিঃসৰণত কৰি খাদ্যবস্তু হজমত সহায় কৰে। লগতে ইয়াৰ পৰা হ’ব পৰা সমস্যাৰ পৰা দূৰত ৰাখে।
6) নিতৌ গৰম পানীৰ ব্যৱহাৰে শৰীৰক বাৰ্ধক্যজনিত সমস্যাৰ পৰা আঁতৰাই ৰাখে। ছালৰ সতেজতা আৰু উজ্জ্বলতা বজাই ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। ছালৰ লগতে, চুলি, হাড়, নখ আদিৰ গঠনতো ইয়াৰ ভূমিকা আছে।
7) বহুসংখ্যক যুৱতীয়েই মাহেকীয়াৰ সময়ত কম বেছি পৰিমাণে পেটৰ বিষৰ সমস্যাত ভোগা দেখা যায়। এইটো বিশেষকৈ শৰীৰত বাতদোষৰ বৃদ্ধিৰ বাবে হোৱা দেখা যায়। বাতজনিত ৰোগৰ বাবে গৰম পানীৰ সুফল বিশেষভাৱে দেখা যায়। সেয়েহে এনেক্ষেত্ৰত মহিলাগৰাকীয়ে গৰম পানী সেৱন কৰাৰ লগতে গৰম পানীৰ সেক ল’লে তেনে বিষৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ পাব পাৰি।
8) মেদবহুলতা (obesity), থাইৰয়ডৰ সমস্যা (hypothyroidism), মধুমেহ বা ডায়েবেটিছ, PCOD আদিৰ দৰে বেমাৰৰ ক্ষেত্ৰত দৈনিক গৰম পানীৰ ব্যৱহাৰ নিতান্তই জৰুৰী। এই বেমাৰসমূহৰ সকলোধৰণৰ ঔষধৰ লগত সদায় গৰম পানীহে ব্যৱহাৰ কৰিব লাগে।
এনেবোৰ সৰু সৰু কামৰ দ্বাৰা আমি আজিকালিৰ দৈনন্দিন জীৱনশৈলীৰ বাবে হোৱা metabolic disaeaseসমূহ বহু পৰিমণে নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰো।