সম্ৰাট আকবৰে ৰাজসভাত নিজ পুত্ৰ জাহাংগীৰৰ জন্মৰ সুখবৰটো ৰাজহুৱা কৰাৰ লগে লগে বীৰবলে থিয় হৈ ক’লে – “জাহাপনা, আপোনাৰ সন্তান জন্মৰ সুখবৰ শুনি হগাৰ সমান সুখ পালো।” ৰাজসভাত বীৰবলৰ এনে অশালীন(?) কথা শুনি আকবৰ অলপ অসন্তুষ্ট হ’ল যদিও প্ৰিয়পাত্ৰ হোৱা হেতুকে বীৰবলৰ ওপৰত একো শাস্তিমূলক ব্যৱস্থা নল’লে। পিছত অৱশ্যে বীৰবলে হগাৰ সুখ সম্পৰ্কে আকবৰক এক বাস্তৱ শিক্ষা দিলে আকবৰে নিজেই স্বীকাৰ কৰিবলৈ বাধ্য হ’ল যে পুত্ৰ জাহাংগীৰৰ জন্মৰ সুখবৰৰ সুখত বীৰবলে কোৱা কথাষাৰ সম্পুৰ্ণই সমীচীন আছিল।
সি যি কি নহওক, কিন্তু কি এই হগাৰ সমান সুখ ? হগাত সচাকৈ ইমানেই সুখ আছেনে ?
খাদ্য, বস্ত্ৰ আৰু বাসস্থানক মানুহৰ মৌলিক প্ৰয়োজন বুলি কোৱা হৈছে। জীৱৰ উৎপত্তিৰ দিন ধৰি এই কথা যুগে যুগে চলি আহিছে। খাদ্য জীৱনৰ বাবে চালিকা শক্তিস্বৰূপ। খাদ্য অবিহনে সুস্থ শৰীৰৰ কল্পনা বাহুল্য মাথোন। তাৰোপৰি আহাৰ, নিদ্ৰা আৰু ব্ৰহ্মচাৰ্য – এই তিনিক ত্ৰয়োপস্তম্ভ বুলি কোৱা হয়। ইয়াৰ পৰাই জীৱন ধাৰণৰ বাবে খাদ্যৰ প্ৰয়োজনীয়তাৰ কথা অনুমেয়।
আমি খোৱা খাদ্যসমূহ শৰীৰত বিভিন্ন প্ৰক্ৰিয়াৰে হজম হৈ আহাৰ-ৰসৰ উৎপন্ন কৰে। ই বিভিন্ন জৈৱিক কাৰ্যসমূহ সুচাৰুৰূপে চলাই নিবলৈ শৰীৰক শক্তি আৰু পুষ্টিৰ যোগান ধৰে। সমান্তৰালভাৱে, খাদ্যৰ অলাগতিয়াল ভাগ প্ৰধানতঃ শৌচ আৰু প্ৰস্ৰাৱৰ দ্বাৰা দেহৰ পৰা নিৰ্গত হয়। আমাৰ দেহৰ হজম প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে নে নাই সেয়া আমি আমাৰ মল ত্যাগৰ ধৰণৰ দ্বাৰাও অনুমান কৰিব পাৰো। সুস্বাস্থ্যৰ বাবে খাদ্যৰ যিদৰে দৰকাৰ, ঠিক একেদৰে সমানেই দৰকাৰ সঠিক মলত্যাগৰ অভ্যাস।
বৰ্তমান সময়ৰ জীৱন ধাৰণ প্ৰণালী আৰু খাদ্যাভ্যাসৰ সলনিৰ লগে লগে মানুহবোৰৰ দৈনন্দিন অভ্যাসসমূহৰো সালসলনি ঘটিছে। তাৰ ভিতৰত এটা হ’ল মলত্যাগৰ অভ্যাস। আমি খোৱা খাদ্যৰ অলাগতিয়াল ভাগ বিভিন্ন প্ৰকাৰে শৰীৰৰ পৰা নিৰ্গমন হোৱা প্ৰক্ৰিয়া যেনে- শৌচ, প্ৰস্ৰাৱ, ঘাম আদিৰ ভিতৰত প্ৰধান হৈছে শৌচকৰ্ম। ইয়াৰ দ্বাৰা খাদ্যৰ অপাচিত অংশ পায়ু মাৰ্গেৰে শৰীৰৰ পৰা ওলাই যায়। এই প্ৰক্ৰিয়াৰে যদিহে অলাগতিয়াল পদাৰ্থসমূহ নিতৌ শৰীৰৰ পৰা ওলাই নাযায়, তেতিয়াই সেইবোৰ মলৰূপে শৰীৰত জমা হৈ থাকি পেটত গেছৰ সৃষ্টি কৰে, শৰীৰৰ পোষণ ক্ৰিয়া ব্যাহত কৰে আৰু নতুন খাদ্য গ্ৰহণৰ প্ৰতি অনিচ্ছা সৃষ্টি আদি লক্ষণে দেখা দিয়ে।
দীৰ্ঘদিন ধৰি মলাৱদ্ধ হৈ থাকিলে দেহত এমোনিয়া বাঢ়ি গৈ যকৃত আৰু মস্তিষ্কৰ স্বাভাৱিক কাৰ্যপ্ৰক্ৰিয়া বিনষ্ট কৰিব পাৰে। হেপাটিক-এঞ্চেফেলোপেথি হৈ মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেয়েহে সঠিক মলত্যাগ বা শৌচাচাৰ সুস্থিৰ স্বাস্থ্যৰক্ষাৰ বাবে অতীৱ প্ৰয়োজনীয় বিষয়।
সাম্প্ৰতিক সময়ত মলাৱদ্ধতা বা কোষ্ঠকাঠিন্যতাৰ সমস্যা যথেষ্ট বাঢ়ি গৈছে। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল –
১) খাদ্যাভ্যাসৰ সলনি, পৰম্পৰাগত খাদ্যাভ্যাস সলনি সংশোধিত খাদ্য গ্ৰহণ, যেনে- জাংক ফুড, ফাষ্ট ফুড আদি।
২) সঠিক সময়মতে খাদ্য গ্ৰহণ নকৰা
৩) মানসিক চিন্তা তথা উদ্বেগ
৪) উপযুক্ত টোপনিৰ অভাৱ
৫) ব্যায়াম, যোগাসন আৰু পৰিমিত পৰিশ্ৰমৰ অভাৱ
“Your face is the reflection of your GIT”
কোষ্ঠকাঠিন্যতাৰ ফলত হ’ব পৰা ৰোগ –
১) গেষ্ট্ৰাইটিছৰ সমস্যা
২) অৰ্শ বা পাইলছ
৩) এনেল ফিষ্টুলা
৪) এনেল ফিচাৰ
৫) গ্ৰহণী, অতিসাৰ
৬) বদহজমী
৭)কুপোষণজন্য ৰোগ আদি
শৌচাচাৰ বা শৌচকৰ্মৰ নিয়ম –
(১) মুকলিতে মলত্যাগ কৰাৰ বদভ্যাস ত্যাগ কৰিব লাগে।
(২) সহজে হজম হোৱা সুষম আহাৰ গ্ৰহণ কৰিব লাগে।
(৩) আমিষ আহাৰ কমাই আহাৰত সেউজীয়া শাক-পাচলি, অমিতা, মগু আৰু ফল-মূলৰ লগতে অন্যান্য আঁহজাতীয় খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।
(৪) উপযুক্ত নিদ্ৰা অৰ্থাৎ সময়মতে শোৱা আৰু টোপনিৰ পৰা উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে।
(৫) কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস কৰিব লাগে।
(৬) পায়খানা কৰাৰ সময়ত কেতিয়াও অতিৰিক্ত হেচা প্ৰয়োগ কৰিব নালাগে। অহৰহ এনে কৰিলে পায়ু মাৰ্গৰ বিভিন্ন জটিল ৰোগ যেনে অৰ্শ, ফিচাৰ, ৰেক্টেল প্ৰ’লাপ্চ আদি দেখা দিব পাৰে।
(৭) পাইখানাত ২ মিনিতকৈ বেছি সময় বহি থাকিব নালাগে, ই পায়ু মাৰ্গত চাপ বৃদ্ধি কৰে। পায়ু মাৰ্গৰ মাংশপেশীসমূহ শিথিল কৰি বিভিন্ন ৰোগ, যেনে অৰ্শ আৰু ৰেক্টেল প্ৰ’লাপ্চৰ সৃষ্টি কৰিব পাৰে।
(৮) ভাৰতীয় পদ্ধতিৰ পায়খানাৰ ব্যৱহাৰ উত্তম বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে। ভাৰতীয় পদ্ধতিৰ পায়খানাত মলত্যাগৰ সময়ৰ বহা অৱস্থাটোক ’উৎকটুকাসন’ বুলি কোৱা হয়। এই অৱস্থাত পেটৰ ৰেক্টাছ এব্দোমিনিছ মাংসপেশীয়ে বৃহদান্ত্ৰত এক হেঁচা দিয়ে, যিয়ে মল সম্পূৰ্ণৰূপে নিৰ্গত কৰাত সহায় কৰে। লগতে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটোৱে স্বাভাৱিক প্ৰাকৃতিক প্ৰসৱ (নৰ্মেল ডেলীভাৰি)ত বহুত সহায় কৰে।
এতিয়া আহোঁ, শৌচাচাৰৰ অন্য এক অভিন্ন অংশ – মলত্যাগৰ পিছত শৌচদ্বাৰ আৰু হাত – এই দুই অংগ ধোৱাৰ নিয়ম।
মলত্যাগৰ পিছত শৌচদ্বাৰ পৰিষ্কাৰ পানীৰে খুব পৰিষ্কাৰকৈ ধুব লাগে। পৰিষ্কাৰ পানী মানে মিনাৰেল ৱাটাৰৰ কথা কোৱা নাই, কিন্তু ই নলা বা পুখুৰীৰ পূতিগন্ধ পানী হোৱাটোও অনুচিত। টিছু পেপাৰেৰে শৌচদ্বাৰ মচি থোৱাৰ সংস্কৃতিতকৈ পানী ব্যৱহাৰ কৰি বাওঁহাতখনেৰে (সাধাৰণতে) ঘহি-পিহি শৌচদ্বাৰ ধুই চাফা কৰাৰ আমাৰ ভাৰতীয় সংস্কৃতি বিজ্ঞানসন্মত। প্ৰখ্যাত লেখক হোমেন বৰগোহাঞিৰ মতে মলত্যাগৰ পিছত মাটি-পানীৰে হাত ধোৱাৰ আগতে বাওঁহাতৰ মধ্যমা আঙুলিটো, যিমান ভিতৰলৈ পৰা যায়, শৌচদ্বাৰত ভৰাই দি গুহ্যদ্বাৰ চাফা কৰিব লাগে (ধুতিনীতি, আত্মানুসন্ধান, পৃষ্ঠা – ২০৯) । মহাত্মা গান্ধীয়েও শৌচদ্বাৰ চাফা কৰাৰ পদ্ধতি সম্পৰ্কে ’স্বাস্থ্য-বিধি’ নামৰ কিতাপখনত বিশদভাৱে উল্লেখ কৰিছে। গান্ধীজীয়ে উপদেশ দিছে যে শৌচ কৰিবলৈ যোৱাৰ আগতেই বাওঁহাতৰ নখ ভাললৈ কাটি মধ্যমা আঙুলিত ভালকৈ তেল (খাটি সৰিয়হৰ) ঘহি নিয়া উচিত – যাতে সি অতি সহজে গুহ্যদ্বাৰৰ বহু ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। এই তৈলাক্ত আঙুলিৰে গুহ্যদ্বাৰত লাগি থকা মল খুব ভালকৈ পৰিষ্কাৰ কৰি আনিব লাগে; তাৰ পিছত মাটি-পানীৰে হাত ভালকৈ ধুব লাগে। ৰোগ নিৰাময়ৰ ক্ষেত্ৰত মাটি-পানীৰ গুণাগুণৰ বিষয়ে গান্ধীজীৰ অগাধ বিশ্বাস আছিল (স্বাস্থ্য-বিধি, মহাত্মা গান্ধী)। এইখিনিতে আৰু এটা দৰকাৰী কথা উল্লেখনীয় যে শৌচ কৰাৰ পিছত আমি আজিকালি ব্যৱহাৰ কৰা বেছিভাগ চাবোনেই হাতত লাগি ৰোৱা মলৰ বীজাণু নাশ কৰিব নোৱাৰে, ই হাতৰ পৰা মলৰ দুৰ্গন্ধহে নাইকিয়া কৰে। সেয়েহে শৌচ কৰাৰ পিছত হাত ধুৱলৈ বীজাণুনাশক চাবোনহে ব্যৱহাৰ কৰা উচিত। শৌচ কৰাৰ পিছত আৰু খোৱাৰ আগতে হাত ধোৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১৫ অক্টোবৰ তাৰিখটো ’গ্লোবেল হেণ্ডৱাছিং দে’ হিচাপে সমগ্ৰ বিশ্বতেই পালন কৰা হয়।
শেষত এটা কথা মনত ৰাখিব লাগে যে আমি যিদৰে খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগে, ঠিক একেদৰেই নিতৌ সঠিক শৌচাচাৰৰ ওপৰতো গুৰুত্ব দিব লাগে। শৌচ কৰ্মৰ অভ্যাসৰ পৰিৱৰ্তনে আমাক বহু ৰোগৰ আগজাননী দিব পাৰে। বীৰবলে আকবৰক এনেয়েই কোৱা নাছিল – ’হগাৰ সমান সুখ পালোঁ’ বুলি।
ডাঃ নিতুল বৈশ্য
ফোনঃ ৭৮৯৬২৪৬০০১