তামৰ পাত্ৰত পানী খোৱা কিয় উচিত?

0
1967

তাম হৈছে এবিধ অতি উচ্ছ বিদ্যুৎ আৰু তাপ পৰিবাহীবিশিষ্ট কোমল ধাতু৷ প্ৰাচীন কালৰে পৰা তামক বিভিন্ন কামত ব্যৱহাৰ কৰি অহা হৈছে৷ বিশেষকৈ, তামৰ পাত্ৰত খাদ্য বা পানী খোৱাটো অতি উপকাৰী হিচাপে মনা যায়৷ বহুতেই কয় যে আগৰ দিনৰ মানুহে তামৰ বাচনেই ব্যৱহাৰ কৰিছিল৷ যাৰ ফলত তেওঁলোকৰ বেমাৰৰ পৰিমাণ কম হৈছিল৷

This image has an empty alt attribute; its file name is kk_2018111118464149.jpg
কিন্তু কিয় তামৰ পাত্ৰত পানী খালে বেমাৰ নহয়, আপোনালোকে জানেনে?

ষ্টেৰিলাইজিং গুণ থকা বাবে যিকোনো খাদ্য বা পানী তামৰ সংস্পৰ্শলৈ আহিলে তাত থকা বীজাণু ধবংস হয়৷ ইয়াত পানী বা খাদ্য খালে গাঁঠিৰ বিষ, কেঞ্চাৰ আদিৰ দৰে বেমাৰৰ সম্ভাৱনা কমে৷ ইয়াৰ বাবে কমেও আঠ ঘণ্টা তামৰ পাত্ৰত পানী ভৰ্তি কৰি ৰাতিপুৱা খালী পেটত এই পানী সেৱন কৰিলে সুফল পাব পাৰি৷ তামৰ পাত্ৰত পানী খালে আৰু কি কি লাভ হয়, জানো আহক–


(১) তামৰ পাত্ৰত থকা তত্ত্বই মেটাবলিজম বৃদ্ধি কৰাৰ লগতে পাচন প্ৰক্ৰিয়াও সুস্থ কৰি ৰাখে৷ ফলত ওজন নিয়ন্ত্ৰণত সহায়ক হয়৷


(২) দৈনিক তামৰ পাত্ৰত পানী খালে দুখ-ভাগৰ আদি দূৰ হয় লগতে স্মৃতিশক্তিও বৃদ্ধি পায়৷


(৩) ৰাতি তামৰ পাত্ৰত পানী ভৰ্তি কৰি ৰাখি ৰাতিপুৱা খালী পেটত খালে গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যা দূৰ হয়৷


(৪) আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি শৰীৰৰ ভিতৰভাগ চাফা কৰাৰ বাবে তামৰ পানী উত্তম৷ এই পানী সেৱনে শৰীৰৰ বিষাক্ত বৰ্জনীয় পদাৰ্থ নিষ্কাশন কৰাত সহায় কৰে৷


(৫) ছালখন ডিটক্সিফাই কৰাত তামৰ পাত্ৰত থকা পানীয়ে সহায় কৰে৷ এই পানী সেৱনে এণ্টিএজিংৰ সমস্যা দূৰ কৰি ছাল উজ্জ্বল কৰাত অৰিহণা যোগায়৷


(৬) তামৰ পাত্ৰত পানী খালে থাইৰয়েড, ৰক্তচাপ, বেয়া কলেষ্টৰেল আদি নিয়ন্ত্ৰণত থাকে৷


বিঃ দ্ৰঃ– তামৰ পাত্ৰত কেতিয়াও দৈ, গাখীৰ, নেমু, আচাৰ আদি খাদ্য নাখাব৷ ইয়াৰ ফলত আপোনাৰ ফুড পয়জনিং হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here