১৯২৯ চনত বিজ্ঞানীসকলে এটা বিষয়ত মন কৰিছিল যে ছায়াপথবোৰ ক্ৰমশঃ পৰস্পৰৰ পৰা দূৰত অৱস্থান কৰিছে৷ বিভিন্ন দূৰত্বত ছুপাৰনোভা আগতে যি স্থানত আছিল এতিয়া সেই স্থান নাই৷ অৰ্থাৎ মহাবিশ্ব ক্ৰমশঃ সম্প্ৰসৰিত হৈছে৷ অকল যে ইয়াৰ স্থানৰ পৰিৱৰ্তন হৈছে সেয়া নহয়৷ বিজ্ঞানীয়ে লক্ষ্য কৰিছে যে ধীৰে ধীৰে এই স্থানৰো পৰিৱৰ্তনৰ গতিও বাঢ়িছে৷ মহাশূন্যৰ এই দ্ৰুত সম্প্ৰসাৰণ কিন্তু অভিকৰ্ষণৰ প্ৰভাৱত কমি যোৱা নাই, বৰং বাঢ়িছেহে৷ বিজ্ঞানীয়ে নিশ্চিত কৰিছে যে ইয়াৰ আঁৰত ৰহস্য আছে৷ আনহাতে কোনো গৱেষকেই এইপৰ্যন্ত ওই সম্প্ৰসাৰণৰ সঠিক ব্যাখ্যা দিব পৰা নাই৷ কিন্তু তেওঁলোকে এই সমাধানৰ এটা নাম দিছে, যাক কোৱা হয় ডাৰ্ক এনাৰ্জি৷ ডাৰ্ক এনাৰ্জি কি বা ই বিশ্বক কিভাৱে নিয়ন্ত্ৰণ কৰে, সেই সম্পৰ্কে ১৯৯৮ চনৰ ৯ জানুৱাৰীত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞানীসকলৰ এটা দলে আলোকপাত কৰিছিল৷ সম্প্ৰতি নিউয়ৰ্কৰ কৰ্নেল বিশবিবিদ্যালয়ৰ এদল জ্যোতিৰ্বিজ্ঞানীয়ে তেওঁলোকৰ গৱেষণাত এই বিষয়ে সৰ্বাধিক আলোকপাত কৰা বুলি দাবী কৰিছে৷ প্ৰসংগতঃ এক শতাব্দীৰো আগতে আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদ তত্ত্বৰ অৱতাৰণাৰ সময়ত প্ৰথম ডাৰ্ক এনাৰ্জিৰ ধাৰণা দিছিল৷ এই সমীকৰণত তেওঁ বুজাইছিল যে মহাবিশ্ব ক্ৰমাগত সংকুচিত হৈছে অথবা প্ৰসাৰিত হৈছে৷ পাছত দুই বিজ্ঞানী হেনৰিটা ছোৱান লেভিট আৰু এডউইন হাবলৰ গৱেষণাই প্ৰমাণ কৰে যে মহাবিশ্ব ক্ৰমাগত প্ৰসাৰিত হৈ আছে৷ আনহাতে ১৯৯৮ চনত বিজ্ঞানীৰ দুটা দলে প্ৰমাণ কৰে যে বিশ্ব ক্ৰমাগত প্ৰসাৰণশীল৷ তাৰ ফলতে জ্যোতিৰ্বিজ্ঞানীৰ একাংশই দাবী কৰে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিতা তত্ত্বৰ ফিল্ড সমীকৰণৰ পৰা বাদ পৰা সেই কছমোলজিকেল কনষ্ট্ৰাণ্টৰ মাধ্যমেৰে ডাৰ্ক এনাৰ্জিৰ সকলোতকৈ সন্তোষজনক ব্যাখ্যা দিয়া সম্ভৱ৷ নক্ষত্ৰপুঞ্জৰ ক্ৰমাগত বিস্ফোৰণ আৰু তা পৰা বিচ্ছুৰিত ৰশ্মিৰ পৰ্যবেক্ষণৰ মাধ্যমেৰে এই ডাৰ্ক এনাৰ্জিৰ পৰিমাপৰ চেষ্টা কৰিছে বৰ্তমান বিজ্ঞানীসকলে৷ বিভিন্ন মহাদেশৰ চাৰিশ বিজ্ঞানীয়ে এই গৱেষণাত যুক্ত হৈ আছে৷ কিন্তু ডাৰ্ক এনাৰ্জিৰ উৎস লৈ এতিয়াও বিজ্ঞানীয়ে নিশ্চিত তথ্য দিব পৰা নাই৷ কিছু বিজ্ঞানীৰ মতে মহাশূন্যৰ অসীম শূন্যতাৰ মাজত সকলো সময়তে যি কোৱাণ্টাম ফ্লাকছুয়েশ্যন বা কোৱাণ্টাম শক্তিৰ ৰূপান্তৰ ঘটে, তাৰ ফলতে ডাৰ্ক এনাৰ্জিৰ সৃষ্ট হয়৷